NORTHEAST NOW (Assamese)
Popular Stories

বিবাহথলীত নুমাল বৈদ্যুতিক বাল্ব: পৰপুৰুষৰ লগতে বিবাহত বহিল কন্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2022 12:28 pm
Brides Almost Marry Wrong Grooms

বিদ্যুতৰ অনিয়মীয়া যোগানে প্ৰায়ে জনসাধাৰণক বিপাঙত পেলায়। কোনো প্ৰয়োজনীয় কামৰ সময়ত বিদ্যুৎ কৰ্তনে সুচাৰুৰূপে কৰ্ম সম্পাদনত যথেষ্ট বাধা দিয়ে।

পিছে বিদ্যুৎ কৰ্তনৰ ফলত দেখা দিয়া এটা বিশেষ ঘটনাইহে এতিয়া হাঁহিৰ খোৰাক যোগাইছে। এই ঘটনা ঘটিছে মধ্য প্ৰদেশত।

মধ্য প্ৰদেশৰ আছলানা নামৰ এখন গাঁৱত বিদ্যুৎ কৰ্তনৰ ফলত দুগৰাকী কইনা ভুল পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে।

গাঁওখনৰ বাসিন্দা ৰমেশ ভীৱাৰে তেওঁৰ তিনিগৰাকী কন্যা- নিকিতা, কৰিশ্মা আৰু কোমলৰ একেদিনাই একে স্থানতে বিবাহৰ আয়োজন কৰিছিল।

নিকিতাই ভোলা নামৰ এজন ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিৱৰ্তে কৰিশ্মাৰ বিয়া গণেশ নামৰ এজন যুৱকৰ সৈতে ঠিক কৰা হৈছিল।

পিছে বিবাহৰ সামাজিক ৰীতি মতে অনুষ্ঠান চলি থকাৰ সময়তে হঠাৎ বিদ্যুৎ কৰ্তনে বিবাহথলীত অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।

আন্ধাৰৰ মাজতে বিবাহৰ কাৰ্যসূচী চলায় নিয়ে পুৰোহিতে। পিছে তেনে সময়তে পুনৰ বিদ্যুৎ সংযোগ ঘূৰি অহাত চকু কপালত উঠে বিবাহথলীত সমবেত ৰাইজৰ।

অন্ধকাৰৰ মাজতে দুই দৰা ভোলা আৰু গণেশে ভুলবশতঃ ইজনে সিজনৰ কইনাৰ সৈতে সামাজিক ৰীতি অনুসৰি অগ্নিৰ চাৰিওফালে পদক্ষিন কৰা দেখি হতবাক হৈ পৰে সকলো।

আনহাতে ভুলতে পৰস্ত্ৰী-পৰপুৰুষৰ সৈতে বিবাহত বহা দেখি হতবাক হৈ পৰে খোদ দৰা-কইনাও।

অৱশ্যে ৰীতি অনুসৰি জুইৰ চাৰিওফালে সাত পাক সম্পূৰ্ণ নোহোৱাৰ বাবে ভুলতে স্বামী-স্ত্ৰী হোৱাৰ পৰা ৰক্ষা পৰে আটাইকেইজন বিবাহপ্ৰাৰ্থী।

ভুল ধৰিব পাৰি সঠিক দম্পতীসকলক পুনৰ মিলাই দিয়া হয় আৰু বিবাহৰ ৰীতি-নীতি সঠিকভাৱে সম্পূৰ্ণ কৰা হয়।

দুয়োগৰাকী কইনাই একে ধৰণৰ পোছাক পিন্ধাৰ বাবে অন্ধকাৰৰ মাজত এই বিভ্ৰান্তি সংঘটিত হৈছিল বুলি তেওঁলোকে সদৰি কৰে।

সম্প্ৰতি এই ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত ব্যাপক হাস্যৰসৰ যোগান ধৰিছে।