NORTHEAST NOW (Assamese)
দেশ

সুৰাপায়ীৰ বাবে বেয়া খবৰ : বৃদ্ধি পাব সুৰাৰ দাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2025 12:31 pm

সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ। হঠাৎ বৃদ্ধি পাব সুৰাৰ দাম। কৰ্ণাটকৰ চৰকাৰে শেহতীয়াকৈ সুৰাৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ পোৱা গৈছে।

অল ইণ্ডিয়া নিউজ এজেন্সীয়ে শেহতীয়াকৈ এই খবৰ প্ৰকাশ কৰিছে।

সংবাদ গোষ্ঠীটোৰ তথ্য অনুসৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই অহা বিত্তীয় বৰ্ষৰ বাবে ৪০ হাজাৰ কোটি টকাৰ আবকাৰী কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

বিগত বিত্তীয় বৰ্ষত কৰ্ণাটকত সংগ্ৰহ কৰা আবকাৰী কৰ আছিল ৩৬,৫০০ কোটি টকা।

একে সময়তে সূত্ৰ অনুসৰি তেওঁ সেই ৰাজ্যৰ সুৰাৰ দাম আন ৰাজ্যৰ সৈতে তুলনা কৰি পুনৰীক্ষণ কৰিব বুলি কৈছে।

ইয়াৰ পূৰ্বে জানুৱাৰী মাহত কৰ্ণাটক চৰকাৰে বীয়েৰৰ দাম বৃদ্ধি কৰিছিল। হঠাৎ বীয়েৰৰ দাম বৃদ্ধিৰ বাবে কৰ্ণাটকত সেই সময়ত বীয়েৰৰ বিক্ৰী যথেষ্ট হ্ৰাস পাইছিল।