NORTHEAST NOW (Assamese)
অসম

সৰ্বভাৰতীয় বিদ্যুত কৰ্মী আৰু অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিশ্বনাথত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম November 26, 2020 2:07 pm
IMG-20201126-WA0008

বৰ্তমান ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ ,বেংক   ৰেলৱে আদি এটা এটাকৈ ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ ধৰিছে আৰু দেশখনৰ মূল কাঠামো কেইজনমান পুঁজিপতিৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছে ।

ফলত সাধাৰণ জনতা, নিবনুৱা, ক্ষুদ্ৰ ব্যবসায়ী আদিৰ ভৱিষ্যত অনিশ্চয়তাৰ ফালে গতি কৰিছে ।

অতি সাম্প্ৰতিক সময়ত অৱশেষত ভাৰত চৰকাৰে দেশৰ উন্নয়নৰ চাবি কাঠি স্বৰূপ ৰাজহুৱা খণ্ডৰ  বিদ্যুৎ বিতৰণ কোম্পানীবোৰকো ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে ।

ভাৰত চৰকাৰৰ এনে হঠকাৰী চক্ৰান্তৰ প্ৰতিবাদত দেশৰ সকলো ট্ৰেড ইউনিয়ন আৰু সচেতন দল সংগঠন সোচ্চাৰ হৈছে ।

আজি  সৰ্বভাৰতীয়  বিদ্যুত কৰ্মী আৰু অভিযন্তাৰ সমন্বয় ৰক্ষী সমিতি আৰু দেশৰ সকলো ট্ৰেড ইউনিয়ন , দল সংগঠনে দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

সমান্তৰালকৈ  বিদ্যুৎ কৰ্মী আৰু অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতিয়ে বিশ্বনাথৰ বিদ্যুৎ সংমণ্ডল প্ৰাংগনত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক , শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক ,

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি  পেঞ্চন নীতি বাহাল ৰাখক  ইত্যাদি দাবী জনায়।

অনুষ্ঠানটি সফল কৰাত সহযোগিতা আগবঢ়ায় সমূহ বিদ্যুৎ কৰ্মী ,অভিযন্তা, পেঞ্চনাৰ্চ সকল, আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ বিশ্বনাথ শাখাৰ সভাপতি যুগল কোচ , শাখা সম্পাদক জানিৰাম ডেকা, কেন্দ্ৰীয় সম্পাদক মৃগাংক শৰ্মা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক উৎপল শ‌ইকীয়াসহ বহু কেইজন বিষয়া- কৰ্মচাৰীয়ে ।