NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশত লুৰিণ জ্যোতি গগৈৰ বিস্ফোৰণ

Posted by: চানু গগৈ Updated by: চানু গগৈ February 1, 2021 9:05 pm
index.jpgm

সোমবাৰে মৰিগাঁও নগৰৰ বিহুতলীত অসম জাতীয় পৰিষদে জাতীয় জাগৰণ সমাৱেশৰ জৰিয়তে বজালে নিৰ্বাচনী ৰণডংকা৷

 সমাৱেশত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় কংগ্ৰেছ, বিজেপিয়ে কৈ থকাৰ দৰে আমি কোনো বি টিম চি টিম নহয়৷ আমি এ টিম৷ আমি অসমৰ জনগণক লৈ কাম কৰিবলৈ আহিছো৷

সভাপতিগৰাকীয়ে লগতে আৰু কয় আমি অসমৰ জনগণৰ মূল চিন্তা, মূল সমস্যা, অধিকাৰক লৈ কাম কৰিব বিচাৰিছো৷ কা জাপি দিছে বিজেপিয়ে আৰু বিদেশী থাকিব লাগে বুলি এফিডেফিট কৰি দিয়া দলটো হ’ল কংগ্ৰেছ। গতিকে তেওঁলোকৰ মাজত কোনো চৰিত্ৰগত পাৰ্থক্য নাই৷

এইবাৰ যুঁজ হ’ব আঞ্চলিকতাবাদ বনাম ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে৷ জয় হ’ব আঞ্চলিকতাবাদৰ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি লুৰীণে কয় তিনিজন গগৈ বাদে সকলো গগৈ আছে বুলি যিয়ে কৈছে তেওঁলোকৰ লগত কোনো গগৈ, শইকীয়া, কলিতা, ৰাভা বড়ো তিৱা কোনো নাই কেবল আছে বিদেশী৷

আনহাতে কেন্দ্ৰীয় বাজেটৰ সন্দৰ্ভত কয় যে এই বাজেটখনৰ জৰিয়তে তেওঁলোকৰ এটাই লক্ষ্য, ব্যক্তিগত খণ্ডক LIC ক গতাই দিব, এয়াৰ ইণ্ডিয়াক গতাই দিব৷

ইফালে চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে বহু টকা নিৰ্দ্ধাৰণ কৰিছে, সেয়া প্ৰয়োজনো আছে৷ যিহেতু ক’ভিডৰ পিছত ভাৰতীয় চিকিৎসাৰ ক্ষেত্ৰত বহু সামগ্ৰী, ভেকচিনৰ প্ৰয়োজন হৈছে৷ কিন্তু ভাৰতীয় ভাগিপৰা অৰ্থনৈতিক ভেটি কি দৰে সুদৃঢ় হ’ৱ সেয়া কিন্তু দেখা নাই৷ লুৰীণৰ মন্তব্য।

হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোট BJP বিশ্ব শৰ্মাই নালাগে বুলি কোৱা মন্তব্য সন্দৰ্ভত লুৰীঁণৰ মন্তব্য যি সকলৰ মানুহৰ গণতান্ত্ৰিকতাৰ প্ৰতি শ্ৰদ্ধা নাই তেওঁলোকে এই কথা কয়৷

মিঞা মুছলমানসকল ভাৰতীয় নাগৰিক ন’হয় নেকি বুলিও তেঁও প্ৰশ্ন কৰে। ৩৫ শতাংশ মানুহ মিঞা মানে মুছলমানসকলক অপমান কৰিছে গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব লাগে৷

এই কথাই ভাৰতীয় মুছলমানকে নহয় ভাৰতীয় সংবিধানকো চুড়ান্ত অপমান কৰিছে বুলি দাবী কৰে লুৰীণে।

আজি সমাৱেশখনত উপস্থিত থাকে দলটোৰ উপ সভাপতি অদীপ কুমাৰ ফুকন, মুখপাত্ৰ জীয়াউৰ ৰহমানসহ দলীয় নেতৃবৰ্গৰ লগতে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে।