NORTHEAST NOW (Assamese)
Popular Stories

৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2021 9:23 pm

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন তিনিখনৰ বিৰুদ্ধে বিগত দুমাহৰো অধিক কাল দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে অহা ৬ ফেব্ৰুৱাৰিত দেশজুৰি চকা বন্ধৰ ঘোষণা কৰিছে।

সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা এই চকা বন্ধ কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ চলিব।

সংযুক্ত কিষাণ মৰ্চাই আজি এক বিবৃতি জাৰি কৰি কৈছে যে চকা বন্ধৰ সময়ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথসমূহ বন্ধ হৈ পৰিব।

ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছিল যে গণৰাজ্য দিৱসৰ দিনটোত কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পিছৰ পৰা ১০০ ৰো অধিক লোক সন্ধানহীন হৈ আছে।

ইয়াকে লৈ কৃষক সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰিছে।

সংগঠনটোৱে লগতে জানিবলৈ দি কয় যে সন্ধানহীন লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হৈছে।

ইয়াৰ বাবে এখন সমিতি গঠন কৰা হৈছে য’ত আছে প্ৰেম সিং ভাংগু, ৰাজিন্দৰ সিং দীপ সিং ৱালা, অৱতাৰ সিং, কিৰণজিৎ সিং চেখো আৰু বলজিৎ সিং।

সংগঠনটোৱে নিৰুদ্দেশ হৈ থকা ব্যক্তিসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এটা নম্বৰ মুকলি কৰিছে, যি নিৰুদ্দেশ হৈ থকা ব্যক্তিজনৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ আৰু আন যিকোনো যোগাযোগ নম্বৰ প্ৰদান কৰিছে।

আনহাতে কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছৰে পৰা ইণ্টাৰনেট বন্ধ কৰি থোৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে।

এই সন্দৰ্ভত কয় যে কৃষক আৰু সাধাৰণ জনতাৰ মাজলৈ সঠিক তথ্য যোৱাটো চৰকাৰে নিবিচাৰে।