NORTHEAST NOW (Assamese)

কি কি বিষয়ৰ ওপৰত মুকলি বিতৰ্কৰ বাবে সৰ্বা-হিমন্তক প্ৰত্যাহ্বান জনালে কংগ্ৰেছী প্ৰদ্যুতে?

March 25, 2021 8:40 pm · কল্পজ্যোতি শইকীয়া

আজি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কেইবাটাও মুকলি বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে নগাওঁৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

প্ৰথমে সাংসদগৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান জনাই সংবাদমেলত কয়, ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান প্ৰথম পৰ্য্যায়ৰ ৪৪ টা সমষ্টিত নিম্ন পৰ্যায়ৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে সেয়া কেনে সভ্য সংস্কৃতি? ইয়াৰ ওপৰত মুকলি বিতৰ্ক হওঁক।

ইয়াৰোপৰি সত্য তথা নিৰপেক্ষ টেলিভিচন চেনেল অথবা অন্যান্য সংবাদ মাধ্যমৰ উপস্থিতিত প্ৰদ্যুত বৰদলৈয়ে অকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অন্য কেইবাটাও বিষয়ত মুকলি বিতৰ্ক কৰিবলৈ প্ৰত্যাহ্বান জনায়।

‘বিজেপিয়ে বানমুক্ত অসম গঢ়িব পাৰিলে নে? বিদেশীমুক্ত শুদ্ধ NRC প্ৰকাশ কৰিব পাৰিলে নে? বানমুক্ত অসম, NRC, অসম চুক্তি এই সকলো কথাৰ ওপৰত মুকলি তৰ্ক হওঁক এই চেলেঞ্জ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনাইছো।‘  এনেদৰে প্ৰত্যাহ্বান জনালে প্ৰদ্যুৎ বৰদলৈয়ে।

আনহাতে, বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ অতি নিম্নগামী পৰ্যায় পালেগৈ বুলি দাবী কৰি উক্ত সংবাদমেলতে প্ৰদ্যুত বৰদলৈয়ে কয় ‘বিজেপিৰ বহু দায়িত্বশীল নেতাই সাম্প্ৰদায়িক ৰাজনীতি কৰা দেখা গ’ল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰা দেখা গ’ল।‘

ইপিনে, সোণোৱাল চৰকাৰৰ দিনত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাছিল বুলি দাবী কৰা গৃহমন্ত্ৰী অমিত শ্বাহক উভতি ধৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কোনো আন্দোলন নাই হোৱা বুলি মন্তব্য কৰিছিল গৃহমন্ত্ৰী গৰাকীয়ে কিন্ত CAA আন্দোলনৰ কথা কিয় পাহৰিলে বিজেপিয়ে? ৫ গৰাকীকৈ শ্বহীদ হ’ল আন্দোলনৰ নামত সেয়া তেওঁ পাহৰি গ’ল নেকি?’

ইপিনে, বিজেপি নেতাৰ মুখত শংকৰ, মাধৱদেৱৰ কথা শোভা নাপায় তথা এয়া ভূতৰ মুখত ৰাম নামৰ নিচিনা কথা বুলি প্ৰদ্যুতে দাবী কৰে।

প্ৰদ্যুতৰ প্ৰশ্ন ‘যোৱা ৫ টা বছৰে কি কৰিলে বিজেপি চৰকাৰে, কিয় আকৌ বানমুক্ত অসমৰ কথা কৈ আছে?’

Related News