NORTHEAST NOW (Assamese)
অসম

অসমত নতুন ৰাজনৈতিক দল গঠনৰ পৰিপন্থী প্ৰফুল্ল কুমাৰ মহন্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2019 11:59 am
Prafulla Kumar Mahanta

‘এটা নতুন ৰাজনৈতিক দল গঠনৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত দেখা দিয়া সমস্যাৰ সমাধান কৰিব পৰা নাযায়’, এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

অসমত নতুন ৰাজনৈতিক দল গঠনৰ চিন্তা-চৰ্চা সন্দৰ্ভত সোমবাৰে এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ সেয়ে যিকোনো লোকে ৰাজনৈতিক দল গঠন কৰিব পাৰে।

‘কিন্তু, অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিলে, এটা নতুন ৰাজনৈতিক দল ইয়াৰ সমাধান নহয়। মই ভাবো নতুন দলে মানুহৰ আশা-আকাংশা পূৰণ কৰিব নোৱাৰিব’, এইদৰে কয় মহন্তই।

উল্লেখ্য যে আছুৰ সভাপতি দীপাংক নাথে নাগৰিকত্ব সংশোধনী আইনক লৈ অসমবাসীক প্ৰতাৰণা কৰা বিজেপি, অগপ আৰু সমান্তৰালভাৱে কংগ্ৰেছৰ বিকল্প হিচাপে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ইংগিত দিয়াৰ পাছতে সোমবাৰে গুৱাহাটীত মহন্তই উক্ত মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যোৱা দেওবাৰে শিল্পী সমাজে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আছুৰ সভাপতিগৰাকীয়ে নতুন ৰাজনৈতিক দল গঠনৰ ইংগিত দিছিল।

লগতে পঢ়ক : নতুন ৰাজনৈতিক দল গঠনৰ ইংগিত আছুৰ