প্ৰমোদ বড়োৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজনীতিৰ পথাৰত তেওঁ কিমান যোগ্য : প্ৰমিলাৰাণী
‘ৰাজনীতিৰ পথাৰখন বহুত বিশাল। এই বিশাল পথাৰখনত সকলোৱে অংশ গ্ৰহণ কৰিব পাৰে। এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজনীতিৰ পথাৰত তেওঁঁ কিমান যোগ্য’। এই ভাষ্য অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিপিএফ দলৰ বাক্সা জিলাৰ পৰ্যবেক্ষক প্ৰমীলাৰাণী ব্ৰহ্মৰ।
দেওবাৰে সন্ধিয়া তামুলপুৰত সাংবাদিকৰে হোৱা এক আছুতীয়া বাৰ্তালাপত প্ৰমীলাৰাণী ব্ৰহ্মই এই মন্তব্য কৰে।
সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলক কোনোৱে প্ৰত্যাহ্বান জনাব নোৱাৰে বুলি মন্তব্য কৰি বিপিএফ নেত্ৰী গৰাকীয়ে কয় যে প্ৰমোদ বড়োৱে যিটো সমষ্টিৰ পৰাই পৰিষদীয় নিৰ্বাচন নেখেলক কিয় তাৰ বাবে বিপিএফ দল শংকিত নহয়।
পৰিষদীয় নিৰ্বাচনৰ পিছত সকলো পৰিষ্কাৰ হৈ পৰিব। বিজেপিয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিটো সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে মিত্ৰতাৰ মৰ্যাদাক যদি কোনোবাই সন্মান দিব নাজানে তাত বিপিএফ দলৰ ক’বলগীয়া একো নাই। কিন্তু বিপিএফ দল হাৰিলেও জিকিলেও অদূৰ ভৱিষ্যতলৈ বিজেপিৰ লগত মিত্ৰতা অটুত থাকিব ৷
আনহাতে বি পি এফ দলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা সম্পৰ্কত তেওঁঁ কয় যে সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত দলৰ হৈ বহু নতুন নতুন নেতাই নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সেয়েহে কেইবাটাও সমষ্টিৰ নেতা-কৰ্মীৰ লগতে তৃণমুল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনাৰ অন্তত পৰ্যবেক্ষক সকলে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব।
ইপিনে প্ৰাৰ্থিত্বক লৈ দলৰ মাজত কোনো ধৰণৰ সংঘাত নাই বুলিও তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ পুনৰ কয় যে সমাগত পৰিষদীয় নিৰ্বাচনত বিভিন্ন জাতি-জনগোষ্ঠী, দল- সংগঠনে বি পি এফ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ ঠিৰাং কৰিছে।
বি পি এফ দলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সমাগত পৰিষদীয় নিৰ্বাচনত কমেও ২৫ খন আসন লাভ কৰি বিটিচি পুনৰবাৰ দখল কৰিব বুলি মন্ত্ৰী গৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে।
তেওঁ লগতে কয় যে বড়ো চুক্তিৰ পিছৰে পৰা বিটিচি অঞ্চলত শান্তি প্ৰতিস্থা হৈছিল। কিন্তু বি পি এফ বিৰোধী এক অসাধু শক্তিয়ে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে সম্প্ৰতি বিটিচি অঞ্চলত পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। তেনে ধৰণৰ অপশক্তিক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈও মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।