NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল ২৬ বছৰীয়া প্ৰাঞ্জল মৰাণক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2023 8:40 am
তিনিচুকীয়াত মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল ২৬ বছৰীয়া প্ৰাঞ্জল মৰাণক

ৰাজ্যত পুনৰ সংঘটিত হৈছে ‘মব লিন্সিঙ’ৰ ঘটনা। তিনিচুকীয়া জিলাৰ মাকুমত মঙলবাৰে এজন ২৬ বছৰীয়া যুৱক দলবদ্ধ আক্ৰমণৰ বলি হৈ অন্তিম নিশ্বাস ত্যাগ কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, মাকুমৰ ৰূপনগৰ অঞ্চলত কিছু তৰ্কবিতৰ্কত প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনক আঠজন লোকে প্ৰহাৰ কৰি হত্যা কৰে।

জানিব পৰা মতে, প্ৰথমে যুৱকজনক এখন বলেন’ গাড়ীৰ ডিকিৰ ভিতৰত ভৰাই থোৱা হৈছিল।

তাৰ পিছত যুৱকজনক গাড়ীখনৰ পৰা উলিয়াই আনি যুৱকজনৰ জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে দলটোৱে নিৰ্মমভাৱে আক্ৰমণ কৰে।

প্ৰাঞ্জল মৰাণৰ পৰিয়ালে দাখিল কৰা এফ আই আৰৰ ভিত্তিত ঘটনাৰ লগত জড়িত ৫ জন লোকক মাকুম আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

আটকাধীন লোককেইজন হৈছে গান্ধীনগৰৰ নীতা তাঁতী, টেঙাপানী চাহ বাগিচাৰ সলিল চাউতাল, গান্ধীনগৰৰ জিন্টু তাঁতী, হেবেডা গাঁৱৰ নৰেন প্ৰজা আৰু টেঙাপানী চাহ বাগিচাৰ কৈলাশ পানীকা। বাকী অভিযুক্তসকল বৰ্তমান পলাতক অৱস্থাত আছে।

মৃতকৰ পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে মাকুম আৰক্ষীক দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে।