NORTHEAST NOW (Assamese)
Popular Stories

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 4, 2026 11:31 am
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

১৯৯৪ চনৰ পৰা বিহাৰৰ বাঁকিপুৰ আছিল বিজেপিৰ দুৰ্গ। লালু বা নীতিশ কোনোৱেই গেৰুৱা উত্থানক ৰখাব নোৱাৰিলে। কিন্তু নিৰ্বাচনী ৰণ কৌশলী প্ৰশান্ত কিশোৰে সংসদীয় ৰাজনীতিত খোজ দিয়েই অসম্ভৱক সম্ভৱ কৰি তুলিলে। তেওঁ বিজেপিৰ প্ৰাৰ্থী নীৰজ কুমাৰক প্ৰায় ২০ হাজাৰ ভোটত পৰাস্ত কৰে।

স্বামীৰ বিজয়ত উল্লাসিত হৈ থকা প্ৰশান্তৰ পত্নী ডাঃ জাহ্নৱী দাসে কয়, ‘মই ভাবিছিলো বাঁকিপুৰৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে।’ অৱশ্যে জাহ্নৱীয়ে লগতে কয় যে প্ৰশান্তৰ পথ অনুসৰণ কৰি ৰাজনীতিত যোগদান কৰাৰ তেওঁৰ কোনো উদ্দেশ্য নাই।

প্ৰশান্তৰ বিজয়ৰ পিছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত জাহ্নৱীয়ে কয়, ‘আমি সকলোৱে বহুত সুখী। এই বৃহৎ জয়ৰ বাবে মা কামাখ্যা, বাঁকিপুৰবাসী, সমগ্ৰ বিহাৰৰ জনসাধাৰণ আৰু জন সুৰজ দলৰ প্ৰতিজন সদস্যক ধন্যবাদ জনাইছো।’ নিৰ্বাচনত স্বামীৰ জয়ৰ বাবে আশাবাদী বুলিও তেওঁ স্পষ্ট কৰি দিলে। জাহ্নৱীৰ ভাষাত, ‘মই অনুভৱ কৰিছিলো যে বাঁকিপুৰৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে। সেয়ে তেওঁৰ জয়ক লৈ মই যথেষ্ট আশাবাদী আছিলো।’

উল্লেখ্য যে প্ৰশান্ত কিশোৰৰ পত্নী জাহ্নৱী দাস মূলতঃ অসমৰ গুৱাহাটীৰ। চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি তাতেই কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ লগত জড়িত হৈ পৰে, যাৰ ফলত প্ৰশান্ত কিশোৰক লগ পায়। পেছাত চিকিৎসক জাহ্নৱী ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য কাৰ্যসূচীৰ অংশ আছিল আৰু তেতিয়াই তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সৈতে কাম কৰি থকা প্ৰশান্ত কিশোৰক লগ পাইছিল।

প্ৰশান্ত কিশোৰ আৰু জাহ্নৱীৰ প্ৰাৰম্ভিক চিনাকিৰ পিছত তেওঁলোকৰ সাক্ষাৎ চলি থাকে আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। কেইবছৰমান পিছত তেওঁলোকে বিয়া হোৱাৰ সিদ্ধান্ত লয় আৰু এতিয়া তেওঁলোকৰ এটা পুত্ৰ সন্তান আছে। বৰ্তমান জাহ্নৱীয়ে পুত্ৰ আৰু পৰিয়ালৰ যত্ন লৈ চিকিৎসা বৃত্তিৰ পৰা নিজকে আঁতৰাই ৰাখিছে। অৱশ্যে বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁক পি কেৰ সৈতে প্ৰচাৰ চলোৱা দেখা গৈছিল।

প্ৰশান্ত কিশোৰে পত্নীক নিজৰ সমৰ্থন ব্যৱস্থা বুলি গণ্য কৰে। কেইবাটাও সাক্ষাৎকাৰত তেওঁৰ নাম উল্লেখ কৰিছে। তেওঁ লগতে স্বীকাৰ কৰে যে জাহ্নৱীয়ে তেওঁলোকৰ পৰিয়ালৰ যত্ন ল’বলৈ নিজৰ চিকিৎসা কেৰিয়াৰ ত্যাগ কৰিছিল। সেয়ে তেওঁৰ সাফল্যৰ সম্পূৰ্ণ কৃতিত্ব পত্নীক দিয়ে।

ৰাজনৈতিক বিশেষজ্ঞ মহলৰ একাংশই প্ৰশান্ত কিশোৰৰ এই জয়ক বিহাৰৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত বুলি গণ্য কৰে। অৱশ্যে এই সন্দৰ্ভত পোনপটীয়াকৈ কোনো মন্তব্য দিব বিচৰা নাই জাহ্নৱীয়ে। বৰঞ্চ তেওঁ প্ৰশান্তৰ কষ্টৰ কথাহে কৈছে। জাহ্নৱীৰ ভাষাত, ‘২০২৫ চনৰ পৰা তেওঁ বহুত কষ্ট কৰি আহিছে।মই ভাবো এইবাৰ বিহাৰৰ ৰাইজে অৱশেষত তেওঁক মানি লৈছে। ইয়াৰ বাবে মই সঁচাকৈয়ে সুখী।’

প্ৰশান্ত কিশোৰৰ উত্থান-পতনৰ সংগী জাহ্নবী। অৱশ্যে ৰাজনীতিত স্বামীৰ পদাংক অনুসৰণ কৰাৰ কোনো হেঁপাহ নাই জাহ্নৱীৰ। তেওঁৰ ভাষাত, ‘মই সদায় ৰাজনৈতিক বিষয়ৰ পৰা আঁতৰি আহিছো। এই কামৰ বাবে তেওঁৰ এটা ভাল টীম আছে। মই তেওঁক সমৰ্থন কৰো, আৰু ভৱিষ্যতেও কৰি যাম।’

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বাঁকিপুৰ সমষ্টিত প্ৰশান্ত কিশোৰে লাভ কৰিছে ৬৪,১৫১টা ভোট। বিজেপিৰ প্ৰাৰ্থী নীৰজ কুমাৰে লাভ কৰে ৪৪,৮২৭টা ভোট। তৃতীয় স্থানত থকা আৰজেডিৰ প্ৰাৰ্থী ৰেখা কুমাৰীয়ে লাভ কৰে ১৪,২৭৩টা ভোট।

বিজয়ৰ পিছত প্ৰশান্ত কিশোৰে বাঁকিপুৰক সলনি কৰাৰ আশ্বাস দিয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘আপোনালোকে উল্লেখযোগ্য পৰিৱৰ্তন দেখা পব। মোক মাত্ৰ তিনিমাহ সময় দিয়ক।’ প্ৰশান্ত কিশোৰে এইবাৰ তেওঁৰ টাৰ্গেট বিহাৰ বুলিও ইংগিত দিছে। তেওঁ পোনপটীয়াকৈ কয়, ‘কেৱল বাঁকিপুৰেই নহয়, সমগ্ৰ বিহাৰৰ দুৱাৰ মোৰ বাবে খোলা আছে।’

নিজৰ জয়ক অসাধাৰণ বুলি ক’বলৈ তেওঁ অনিচ্ছুক। অৱশ্যে তেওঁ এই কথাও স্পষ্ট কৰি দিছে যে বিজেপিৰ দুৰ্গ বিধ্বস্ত কৰাত তেওঁৰ এটা প্ৰচ্ছন্ন গৌৰৱ আছে, ‘মই কোনো অসাধাৰণ কাম কৰা নাই। মাত্ৰ ৩০ দিনতে মই ৩০ বছৰৰ দুৰ্গ ভংগ কৰি দিলোঁ।’