NORTHEAST NOW (Assamese)

কেৰিবিয়ান টি-২০ লীগ খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰিল টাম্বে

August 28, 2020 10:13 am · এন ই নাও নিউজ

বুধবাৰে মুম্বাইৰ প্ৰাক্তন স্পিনাৰ প্ৰবীণ টাম্বে হৈ পৰিল কেৰিবিয়ান প্ৰিমিয়াৰ লীগ খেলা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ।

প্ৰথম শ্ৰেণী ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৪৮ বছৰীয়া টাম্বেই চেইণ্ট লুচিয়াৰ বিৰুদ্ধে খেলি এই বিৰল কৃতিত্ব অৰ্জন কৰে।

ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ হৈ চুক্তিবদ্ধ হোৱা টাম্বে মেচখনত সুনীল নাৰায়ণৰ ঠাইত খেলে আৰু মেচৰ শেষত যথেষ্ট উৎফুল্লিত বুলি মন্তব্য প্ৰদান কৰে।

উল্লেখ্য যে, ভাৰতৰ হৈ ১৯ অনূৰ্ধ্ব খেলা চানি চোহেলে ২০১৮ চনত বাৰবাদোজ ট্ৰাইডেণ্টছৰ হৈ চি পি এল খেলিছিল যদিও তেওঁ আমেৰিকাৰ নাগৰিক হিচাপে চুক্তিবদ্ধ হৈছিল।

১৮ আগষ্টৰ পৰা ১০ ছেপ্তেম্বৰলৈকে চলিব লগা টুৰ্ণামেণ্টখনত খেলুৱৈ তথা আয়োজকক ক’ভিড-১৯ৰ পৰা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত মেচসমূহ বিনা দৰ্শকেৰে অনুষ্ঠিত কৰিছে।

উল্লেখ্য যে প্ৰবীণ টাম্বেই ৪১ বছৰ বয়সত আই পি এলত পদাৰ্পণ কৰি সবাটোকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। তেওঁ আই পি এলত ৩৩ খন মেচত অংশ লৈ ২৮ টা উইকেট দখল কৰিছিল।

Related News