NORTHEAST NOW (Assamese)

মোদী-নীতিশ কুমাৰৰ পুত্ৰ সন্তান জন্মৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লালুৱে!

February 11, 2022 8:15 pm · এন ই নাও নিউজ, গুৱাহাটী

কোৱা হয় যে জব তক চামোচা মে আলু, তব তক বিহাৰ মে লালু! পুনৰ শিৰোনামাত প্ৰাক্তন ৰেল মন্ত্ৰী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কৰা তেওঁৰ শেহতীয়া এক টিপ্পনিয়ে ব্যাপক আমোদৰ সৃষ্টি কৰিছে। সংবাদমাধ্যমৰ আগত লালুৱে কয় যে মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুত্ৰ সন্তান পোৱাৰ কামনাৰে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ সংবাদসংস্থা এএনআইক এটা দীঘলীয়া সাক্ষাৎকাৰ দিছিল।

তাত মোদীয়ে পৰিবাৰবাদী তথা বংশানুক্ৰমিক ৰাজনীতিক আক্ৰমণ কৰিছিল। ইয়াক গণতন্ত্ৰৰ পৰিপন্থী বুলি মোদীয়ে অভিহিত কৰিছিল।

মূলতঃ ৰাহুল গান্ধী, অখিলেশ যাদৱ আৰু লালু প্ৰসাদ যাদৱকে মোদীয়ে এইক্ষেত্ৰত লক্ষ্য কৰি লৈছিল। তাৰ বিপৰীতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তেওঁ প্ৰশংসা কৰিছিল।

তাৰ প্ৰতু্ত্তৰত সংবাদিকৰ আগত লালুৱে কয় যে মোদীৰ যদি ল’ৰা নাই, তেন্তে তাৰ বাবে লালুৰ কি দোষ?

আনহাতে, নীতিশ কুমাৰৰ ক্ষেত্ৰত লালুৱে কয় যে কুমাৰৰ এজন ল’ৰা আছে কিন্তু ৰাজনৈতিকভাৱে অযোগ্য। তেনেস্থলত ইয়াত লালুৰ কি দোষ?

সেয়ে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মন মেলিছে। লালুৱে কয় যে অচিৰেই তেওঁ প্ৰাৰ্থনা কৰিব যাতে মোদী আৰু নীতিশ কুমাৰে একোটাকৈ পুত্ৰসন্তান লাভ কৰে।

উল্লেখযোগ্য যে লালু প্ৰসাদ যাদৱৰ ৯টাকৈ সন্তান আছে। তেওঁৰ পুত্ৰ তেজস্বী যাদৱে পিতৃৰ পদাংক অনুসৰণ কৰি বৰ্তমান বিহাৰৰ মূল বিৰোধী নেতা হিচাপে পৰিচিতি লাভ কৰিছে।

কেৱল তেজস্বীয়েই নহয়, লালুৰ সন্তান তেজ প্ৰতাপ যাদৱে বৰ্তমান বিধায়ক আৰু মিছ ভাৰতীয়ে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

তদুপৰি তেওঁৰ পত্নী ৰাবৰী দেৱীয়েও বিহাৰৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈছিল।

Related News