NORTHEAST NOW (Assamese)
অসম

চৰকাৰী শ্ল’গানে ঢাকিব নোৱৰা এখন ছবি : মাজুলীত সংকটজনক অৱস্থাত প্ৰসূতিক ঠেলাৰে চিকিৎসালয়লৈ

Posted by: মিটু খাটনিয়াৰ August 12, 2018 4:11 pm
Majuli

লখিমপুৰ জিলাৰ অন্তৰ্গত যোগীবাৰী গাৱঁৰ পৰা মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়লৈ এগৰাকী গৰ্ভাৱতী মহিলাক অতি সংকটজনক অৱস্থাত ঠেলাত তুলি আনিব লগা ঘটনাই হতচকিত কৰিছে স্থানীয় ৰাইজক।

নতুন চৰকাৰে বাট-পথৰ অৱস্থা উন্নত হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰচাৰ চলালেও বিধ্বস্ত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ চৰকাৰৰ ফোঁপোলা শ্ল’গানক উদঙাই দিয়ে।

অতিকে পিছপৰা যোগীবাৰী গাৱঁৰ পৰা মহিলাগৰাকীক প্ৰথমে কাঠৰ টেবুলত বহুৱাই কান্ধত তুলি আনিব লগা হয় প্ৰায় তিনি কিঃ মিঃ পথ। তাৰ পিছত পাথৰিচুক গাৱঁৰ পৰা এখন ঠেলাত মহিলাগৰাকীক আনিব লগা হয় চিকিৎসালয়লৈ।

তিনিটাকৈ ঘাট পাৰ কৰি অতি বিপদসংকুলতাৰ মাজেৰে অনা মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে লখিমপুৰ জিলাৰ অন্তৰ্গত যোগীবাৰী গাৱঁৰ পৰা লখিমপুৰলৈ যোৱাৰো নাই কোনো যাতায়ত ব্যৱস্থা।

ইফালে লখিমপুৰৰ পৰা মাজুলীত প্ৰৱেশ কৰাৰ পিছতো পাথৰিচুক ঘাটৰ পৰা গড়মূৰ চিকিৎসালয়লৈ কোনো উন্নত বাট-পথ নথকাত এনেদৰেই বিপদসংকুলতাৰে গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসালয়লৈ আনিব লগা হয়। অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিছে মহিলা গৰাকীৰ।