NORTHEAST NOW (Assamese)
দেশ

নৃশংস! চলন্ত বাছৰ পৰা গৰ্ভৱতী পত্নীক গতিয়াই প্ৰাণ ল’লে মদ্যপায়ী স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2024 11:50 am
Pregnant woman dies

তামিলনাডুৰ দিন্দিগল জিলাত সংঘটিত হৈছে এক নৃশংস ঘটনা। এখন চলন্ত বাছৰ পৰা নিজ গৰ্ভৱতী পত্নীক গতিয়াই পথত পেলাই হত্যা কৰিছে এগৰাকী লোকে।

এই বৰ্বৰ ঘটনা সংঘটিত কৰা লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ সময়ত অভিযুক্ত লোকজন সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ভেম্বাৰপট্টিৰ ২৪ বৰ্ষীয় এই পাণ্ডিয়ান নামৰ অভিযুক্ত যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল হত্যাৰ বলি হোৱা ১৯ বৰ্ষীয় ৱালামথি নামৰ যুৱতীগৰাকী।

ঘটনাৰ দিনা দম্পতীহাল এখন উপনগৰ চৰকাৰী বাছত দিন্দিগলৰ পৰা পোন্নামৰাৱতী অভিমুখে যাত্ৰা কৰিছিল। বাছতে দুয়োৰে মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয়।

লক্ষণীয়ভাৱে পাণ্ডিয়ানৰ পত্নী ৱালামাথি আছিল পাঁচ মাহৰ গৰ্ভৱতী। দুয়োৰে মাজত কাজিয়া ক্ৰমাৎ তীব্ৰতৰ হৈ পৰে।

কাজিয়াত মদ্যপায়ী পাণ্ডিয়ানে হিতাহিত জ্ঞান হেৰুৱাই কানাৱৈপট্টি অঞ্চলত চলি থকা বাছখনৰ পৰা পত্নীক গতিয়াই পথৰ ওপৰত পেলাই দিয়ে।

এই ঘটনাত লগে লগে ৱালামাথিৰ মৃত্যু হয়। আৰক্ষীয়ে পিছত ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ ৱালামাথিৰ মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰ পিছতে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দিন্দিগল চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু পাণ্ডিয়ানক গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে আৰু হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।