NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ ৰজাগড়ত কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত

February 18, 2022 2:35 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ৰজাগড়ত অনুষ্ঠিত হ’ব দৰং আৰু ওদালগুৰি জিলাৰ কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশন ৷

ভেৰগাঁৱৰ ৰজাগড়ত ১৯ আৰু ২০ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ কেইবালাখ টকীয়া বাজেটেৰে অনুষ্ঠিত হ’বলগীয়া কৈৱৰ্ত সন্মিলনীৰ ৩৭ সংখ্যক অধিৱেশনৰ বাবে এতিয়া দিনে-নিশাই ব্যাপক প্ৰস্তুতি চলিছে ৷

অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোকৰ উপৰি বিভিন্ন জাতি-ধৰ্মৰ হাজাৰ হাজাৰ লোকে ভাগ লব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ৷

কৈৱৰ্ত সন্মিলনীৰ অধিৱেশনকলৈ এতিয়া ৰজাগড়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে।

অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে ১০ খন উপ-সমিতি গঠন কৰা হৈছে। প্ৰত্যেক খন উপ-সমিতিয়েই নিজ নিজ দায়িত্ব চমজি লৈ সেয়া সুচাৰুৰূপে পালন কৰাত ব্যস্ত হৈ পৰিছে।

অধিৱেশনৰ জৰিয়তে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা কৈৱৰ্ত সম্প্ৰদায়ৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰা হ’ব বুলি এগৰাকী উদ্যোক্তাই প্ৰকাশ কৰিছে।

অধিৱেশনত উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, সাংসদ দিলীপ শইকীয়া, অসম মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস ,বিধায়ক বসন্ত দাসকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি ৷

Related News