NORTHEAST NOW (Assamese)

তুংগত প্ৰস্তুতি! ১১ জানুৱাৰীত বিশেষ ঘটনা ঘটিব ৰাম মন্দিৰত! সাক্ষী হ’ব দেশ

January 6, 2025 6:47 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: January 6, 2025 4:55 pm

ৰাম জন্মভূমি অযোধ্যাই লাভ কৰিছে এক নতুন ৰূপ। এক ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰিছে ৰাম মন্দিৰ কৰ্তৃপক্ষই। এবছৰত ভৰি দিবলৈ ওলাইছে অযোধ্যাৰ ৰাম মন্দিৰে। সেই উপলক্ষে ৰাম মন্দিৰত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি নামী-দামী চেলিব্ৰেটিলৈকে সকলো উপস্থিত থাকিব এই অনুষ্ঠানত।

অহা ১১ জানুৱাৰীত ৰাম মন্দিৰত ৰামলালা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। প্ৰাণ প্ৰতিষ্ঠা বৰ্ষপূৰ্তি উপলক্ষে তিনিদিন ধৰি ৰাম মন্দিৰত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ নাম সৎশ দ্বাদাশী নামেৰে নামাকৰণ কৰা হৈছে।

প্ৰসংগক্ৰমে ২০২৪ চনত ৰাম মন্দিৰ উদ্বোধন কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই প্ৰতিষ্ঠা কৰিছিল ৰাম লালাৰ প্ৰাণ। এই অনুষ্ঠানলৈ দেশ-বিদেশৰ লাখ লাখ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল।

এইবাৰ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব নোৱাৰিলেও মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰামলালাৰ অভিষেক ঘটাব। ময়ুৰেশ পাইয়ে ভজন পৰিৱেশন কৰিব।

এই অনুষ্ঠানলৈ চনু নিগম, শংকৰ মহাদেৱৰ দৰে সংগীত শিল্পীকো আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোকে ভক্তিমূলক সংগীত পৰিৱেশন কৰিব।

Related News