NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ দামামা! আমেৰিকান নাগৰিকসকলক শীঘ্ৰে ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশ জো বিডেনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2022 12:57 pm
Jo biden asks Americans

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত উত্তেজনাই চৰম পৰ্যায় পাইছে। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে আমেৰিকান নাগৰিকসকলক শীঘ্ৰেই ইউক্ৰেইন ত্যাগ কৰাৰ নিৰ্দেশ দিছে।

বিডেনে কয়,’’ ইউক্ৰেইন-ৰাছিয়াৰ উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে। এনে পৰিস্থিতিত আমেৰিকাৰ নাগৰিকসকলে শীঘ্ৰে ইউক্ৰেইন ত্যাগ কৰা উচিত। কিয়নো ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলালে আমেৰিকাৰ নাগৰিকসকলক উদ্ধাৰৰ বাবে আমেৰিকাই কোনো সেনা নপঠিয়ায়।‘’

ইপিনে, কৃষ্ণ সাগৰ আৰু আজৱ সাগৰত ইউক্ৰেইনৰ নৌ চলাচলৰ পথ ৰাছিয়াই বন্ধ কৰি দিয়া বুলি ইউক্ৰেইনে অভিযোগ উত্থাপন কৰাৰ পাছতে উত্তেজনা শীৰ্ষত উপনীত হৈছে।

লগতে পঢ়ক: উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে জব্দ কৰা চুপাৰিভৰ্তি ট্ৰাক

আজৱ সাগৰ ৰাছিয়াই সম্পূৰ্ণ অৱৰোধ কৰি ৰখা বুলি অভিযোগ তুলিছে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিত্ৰি কুলেবায়। সেইদৰে কৃষ্ণ সাগৰো ইউক্ৰেইনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি তোলা হৈছে বুলি কোৱা হৈছে।

অহা সপ্তাহত ৰাছিয়াই অভূতপূৰ্বভাৱে বিস্তীৰ্ণ অঞ্চলজুৰি নৌ বাহিনীৰ অনুশীলন চলাব যাৰ বাবে সাগৰত নৌ চলাচল বন্ধ হৈ পৰিব।

আনহাতে, ইউক্ৰেইন ইচ্ছ্যুত পশ্চিমৰ বিশ্বৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ৰাছিয়াই সম্প্ৰতি চুবুৰীয়া দেশ বেলাৰুছৰ সৈতে বৃহৎ সামৰিক অনুশীলন আৰম্ভ কৰিছে। বেলাৰুছ হৈছে ৰাছিয়াৰ ঘনিষ্ঠ মিত্ৰ দেশ। তদুপৰি, এই দেশখনৰ ইউক্ৰেইনৰ সৈতে দীঘলীয়া সীমান্তও আছে।

লগতে পঢ়ক: ধন্যবাদ জনাই পঠাব লাগিব পত্ৰ; প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহত ৰাখিব লাগিব মোদীৰ ফটো! নতুন নিৰ্দেশনা

ফ্ৰান্সে দেশ দুখনৰ মাজৰ সামৰিক অনুশীলনক ‘হিংসাৰ ইংগিত’ বুলি অবিহিত কৰিছে। ইউক্ৰেইনেও ইয়াক মানসিক চাপ সৃষ্টিৰ প্ৰয়াস বুলি উল্লেখ কৰিছে।

বেলাৰুছৰ সৈতে দহদিনীয়া এই সামৰিক অনুশীলনৰ অংশ হিচাপে ইউক্ৰেইনৰ দক্ষিণত থকা কৃষ্ণ সাগৰ আৰু আজৱ সাগৰত অহা সপ্তাহত ৰাছিয়াই নৌ সেনাৰ আখৰা চলাব। এই অনুশীলনৰ সময়ত ক্ষেপনাস্ত্ৰ তথা আন গধূৰ অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষণ চলোৱা হ’ব।