NORTHEAST NOW (Assamese)
অসম

অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা দি পিছত শুধৰালে ৰাষ্ট্ৰপতি ক’বিন্দে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2020 12:31 pm
President India tweet

আজি টুইটাৰযোগে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা দিবলৈ গৈ উজুটি খালে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ। ভুলতে ৰাষ্ট্ৰপতিজনে অসমবাসীক ব’হাগ বিহুৰ দৰে শুভেচ্ছা যাচে।

অৱশ্যে ভুলটো ধৰা পৰাত তৎক্ষণাত সেই পোষ্ট আঁতৰাই দিয়ে ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ে আৰু পুনৰ ১১.৩৩ বজাত শুধৰণিসহ “ভোগালীৰ শুভেচ্ছা” বুলি পোষ্ট কৰে। পূৰ্বৰ পোষ্টটো দিনৰ ১০ বজাত কৰিছিল।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ে টুইটাৰৰ পৰা পোষ্টটো আঁতৰাই দিলেও তাৰ স্ক্ৰীনশ্বট ৰাখে বহুকেইজন য়ুজাৰে, যিবোৰ এতিয়া ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা গৈছে।

উল্লেখ কৰিব পাৰি যে অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামীয়ে অলপতে এটা বিজ্ঞাপনৰ ভিডিঅ’ত অসমবাসীক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যচাৰ ভুল কৰিছিল। পিছত অভিনেত্ৰীগৰাকীয়ে ক্ষমা খোজে আৰু শুধৰণিৰ সৈতে ভিডিঅ’টো আপল’ড কৰে।

আনহাতে প্ৰধান মন্ত্ৰী মোদীয়েও আজি টুইটাৰযোগে অসমবাসীক ভোগালীৰ শুভেচ্ছা যাচে। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে এটা টুইট কৰি শুভেচ্ছা আৰু ওলগ যাচে অসমৰ ৰাইজক।