NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ সলনিৰ প্ৰশ্নই নাহে; বিডেনৰ সমালোচনাক প্ৰত্যুত্তৰ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

April 29, 2020 2:06 pm · এন ই নাও নিউজ
ট্ৰাম্প

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন মাৰ্কিন উপৰাষ্ট্ৰপতি জ’ বিডেনে ড’নাল্ড ট্ৰাম্পে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলি সমালোচনা কৰাৰ পাছতে বিডেনৰ সমালোচনাৰ উত্তৰ দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে।

ক’ৰ’না মহামাৰীৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ পিছুওৱাৰ কোনোধৰণৰ কথা ৰাষ্ট্ৰপতি ট্ৰাম্পে ভবা নাই বুলি স্পষ্ট কৰি দিয়ে।

‘‘মই কেতিয়াও নিৰ্বাচনৰ তাৰিখ সলনি কৰাৰ কথা ভবাই নায়। মই কিয় তেনে কৰিম? ৩ নৱেম্বৰ, এইটো ভাল সংখ্যা,’’ ট্ৰাম্পে কয়।

আনহাতে, তেওঁ নিৰ্বাচনক লৈ যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলিও মন্তব্য প্ৰকাশ কৰে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ জীৱন সুনিশ্চিত কৰাটো ট্ৰাম্পৰ আটাইতকৈ ডাঙৰ লক্ষ্য বুলি উল্লেখ কৰি বিডেনে মহামাৰীৰ সময়তো ৰাজনীতি কৰিবলৈ এৰা নাই বুলি কটাক্ষ কৰে।

উল্লেখযোগ্য যে, ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিডেনে ক’ৰ’না মহামাৰী নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলি সমালোচনা কৰিছিল।

আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বৰাক ওবামা, বিগত বৰ্ষৰ ৰাষ্ট্ৰপতি পদৰ পৰাজিত প্ৰাৰ্থী হিলাৰী ক্লিণ্টনেও আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনলৈ মুকলি সমৰ্থন আগবঢ়াইছে।

Related News