NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী বিচাৰি নাপালে বিজেপিয়ে! বীৰেন সিঙৰ পদত্যাগৰ পিছত মণিপুৰত জাৰি ৰাষ্ট্ৰপতি শাসন

February 13, 2025 8:06 pm · এন ই নাও নিউজ, নতুন দিল্লী

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ তিনিদিন পিছতো এন বীৰেণ সিঙৰ উত্তৰাধিকাৰী সন্দৰ্ভত কোনো ঐক্যমত নোহোৱাত ৰাজ্যখনক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনা হৈছে।

সংবিধানৰ ১৭৪(১) অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যিক বিধানসভাসমূহ শেষ বৈঠকৰ পৰা ছমাহৰ ভিতৰত আহ্বান কৰিব লাগিব। মণিপুৰত ২০২৪ চনৰ ১২ আগষ্টত বিধানসভাৰ অন্তিমখন অধিৱেশন অনুষ্ঠিত হোৱাৰ বাবে বুধবাৰে ইয়াৰ পৰৱৰ্তী বৈঠকৰ অন্তিম তাৰিখ আছিল।

অৱশ্যে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশন ৰাজ্যপাল অজয় ​​ভল্লাই বাতিল কৰে।

তেওঁৰ চৰকাৰখনে অনাস্থা প্ৰস্তাৱ আৰু গুৰুত্বপূৰ্ণ ফ্ল’ৰ টেষ্টৰ সন্মুখীন হোৱাৰ মাত্ৰ এদিন পূৰ্বে সিঙে পদত্যাগ কৰিছিল। এক ৰাজনৈতিক পতনৰ আগতেই!

উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত মণিপুৰত গোষ্ঠীগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰায় দুবছৰৰ পাছত আৰু তেওঁক অপসাৰণৰ বাবে ধাৰাবাহিকভাৱে দাবী জনাই অহা বিৰোধীৰ হেঁচা বৃদ্ধি পোৱাৰ মাজতে তেওঁ পদত্যাগ কৰে।

Related News