NORTHEAST NOW (Assamese)
অসম

ট্ৰাম্পক সাক্ষাতৰ পূৰ্বে ইলন মাস্কৰ সৈতে বৈঠকত মিলিত হ’ব মোদী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 13, 2025 7:05 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ ৰাওনা হৈছে। ফ্ৰান্সত অনুষ্ঠিত হোৱা এআই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত বুধবাৰে নিশা তেওঁ ৱাশ্বিংটনলৈ উৰা মাৰে। বৃহস্পতিবাৰে তেওঁ তাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰাৰ কথা।

অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ হোৱাইট হাউছত আমেৰিকাৰ কোটিপতি ব্যৱসায়ী ইলন মাস্কৰ সৈতে সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে টেছলা আৰু স্পেচএক্সৰ মুৰব্বীৰ সৈতে সাক্ষাৎ কৰিব।

প্ৰতিবেদন অনুসৰি মোদী আৰু ইলন মাস্কৰ একাধিকবাৰ সাক্ষাৎ হৈছে।  প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত ভ্ৰমণৰ সময়ত ছান জোছৰ টেছলা কাৰখানা পৰিদৰ্শন কৰিছিল। সেই সময়ত টেছলাৰ চিইঅ’ই মোদীক কাৰখানাটো ঘুৰাই দেখুৱাইছিল।

অৱশ্যে আসন্ন মোদী-মাস্কৰ বৈঠক এইবাৰ বেলেগ হোৱাৰ সম্ভাৱনা আছে। কাৰণ ২০১৫ চনৰ পৰা ইলন মাস্কে বহু দূৰ আগবাঢ়িছে। তেতিয়া তেওঁ ডেম’ক্ৰেটিক পাৰ্টিৰ সমৰ্থক আছিল। কিন্তু এতিয়া তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘনিষ্ঠ মিত্ৰ আৰু বিশ্বস্ত উপদেষ্টা হিচাপে আত্মপ্ৰকাশ কৰিছে।

ইফালে, নৰেন্দ্ৰ মোডী আৰু ইলন মাস্কৰ মাজত কি আলোচনা হ’ব পাৰে সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা মুৰব্বী তুলসী গাবাৰ্ডৰ সৈতে সাক্ষাৎ কৰিছিল। স্থানীয় সময় অনুসৰি বুধবাৰে ৱাশ্বিংটন ডি চিত এই বৈঠক অনুষ্ঠিত হয়।

বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা মুৰব্বী তুলসী গাবাৰ্ডৰ সৈতে সাক্ষাৎ কৰি দুয়োখন দেশৰ সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। সন্ত্ৰাসবাদ আৰু আহিবলগীয়া ভাবুকিৰ বিৰুদ্ধে চোৰাংচোৱা সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।