NORTHEAST NOW (Assamese)

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

March 2, 2021 9:12 pm · চানু গগৈ
Updated: March 2, 2021 9:24 pm

মঙলবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পুৱা ১০-৩০ বজাত আসন্ন বিধানসভা নিৰ্বাচনত পোষ্টেল বেলট কাগজ যোগে ভোট দানৰ সুবিধা দিয়াৰ  সন্দৰ্ভত জিলা উপায়ুক্ত  লীনা দাসে এক সংবাদমেল সম্বোধন কৰে ।

বিশেষ ভাৱে সক্ষম ব্যক্তি, দৃষ্টি শক্তি নথকা আৰু আশীৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিকৰ লগতে কভিদ পজিটিভ ৰোগীক ভোট দানৰ সুবিধা দিয়াৰ বাবে এইবাৰ ভাৰতৰ নিৰ্বাচন আয়োগে নতুন নিৰ্দেশনা জাৰি কৰিছে ।

এই নিৰ্দেশনা অনুসৰি উল্লেখিত ব্যক্তি সকলক সমাজ কল্যাণ বিভাগৰ দ্বাৰা চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকে স্বাস্থ্য বিভাগৰ পৰা প্ৰমান পত্ৰ লাভ কৰিব লাগিব ।

তেনে ব্যক্তি সকলে ইচ্ছা কৰিলে 12-D ফৰ্মত তথ্য দাখিল কৰিব পাৰিব আৰু সময়ত তেওঁলোকক বি এল অ সকলে বেলট কাগজ যোগান ধৰিব ।

নিৰ্দ্ধাৰিত সময়ত তেওঁলোকে 12-D ফৰ্ম খন যাৱতীয় তথ্য পূৰণ কৰি যাৰ যি সমষ্টিত পৰে  সেই সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰৰ হাতত জমা দিব লাগিব । প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত ছেক্টৰ অফিচাৰে বেলট কাগজ সংগ্ৰহ কৰিব লাগিব ।

কোভিড-১৯ ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি  নিৰ্বাচনৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা বিশেষ এছ অ পি জাৰি কৰিছে ।

সেই অনুসৰি প্ৰথম পৰ্য্যায়ৰ ই ভি এম পৰীক্ষন, ই ভি এম ৰেণ্ডমাইজেচন, ই ভি এম  কমিচনিং, নিৰ্বাচনী কৰ্মচাৰী সকলৰ প্ৰশিক্ষণৰ বাবে আহল বহল প্ৰেক্ষাগৃহ ব্যৱহাৰ কৰা হব ।

তেনে প্ৰেক্ষাগৃহৰ দুৱাৰ মুখত থাৰমেল স্ক্ৰিনিং আৰু চেনিটাইজাৰৰ ব্যৱস্থা  থাকিব । প্ৰেক্ষাগৃহৰ ভিতৰত আৰু বাহিৰত সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ।  মাস্ক পিন্ধা, face shield সকলোৰে বাবে বাধ্যতামূলক হব ।

ই ভি এম ওৱেৰ হাউচ মুকলি কৰাৰ পিছত মেচিন সমূহ চেনিটাইজ কৰিব লাগিব আৰু এই প্ৰক্ৰিয়াত নিয়োজিত কৰ্মচাৰী সকলে মাস্ক, ফেচ শ্বিল্ড গ্ল’বচ পিন্ধাটো বাধ্যতামূলক হব ।

প্ৰেক্ষাগৃহ সমূহত দুখন টেবুলৰ মাজত ৬ ফুটৰ ব্যৱধান হব লাগিব আৰু প্ৰশিক্ষণ দিয়া দল সমূহ সৰু সৰু হব লাগিব  ।

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ৰিটাৰ্নিং অফিচাৰৰ কক্ষত প্ৰাৰ্থী আৰু সমৰ্থককহে  প্ৰৱেশ কৰিবলৈ দিয়া হব ।

তেওঁলোকেও মাস্ক, ফেচ শ্বিল্ড ও গ্ল’বচ পিন্ধাটো বাধ্যতামূলক । দুৱাৰে দুৱাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত প্ৰাৰ্থী সহ ৫ গৰাকী ব্যক্তি থাকিব পাৰিব । ৰোড শ্ব’ৰ সময়ত ৫ খন গাড়ীৰ কনভয় যাব পাৰিব আৰু নিৰ্বাচনী সভাত কোভিড প্ৰট’কল সম্পূৰ্ণ ভাৱে মানি চলিব লাগিব ।

নিৰ্বাচনী সামগ্ৰী বিতৰণৰ সময়তো কভিদ প্ৰটকল কঠোৰ ভাৱে মানি চলিব লাগিব । কোনো ভোটাৰ কোভিড পজিটিভ ধৰা পৰিলে পি পি ই কিট  পৰিধান কৰি ভোট দান কৰিব পাৰিব অথবা পোষ্টেল বেলট কাগজ যোগে ভোট দান কৰিব পাৰিব ।

এই সমগ্ৰ  নিৰ্দেশাৱলী আজি জিলা উপায়ুক্ত  লীনা দাসে সংবাদ মেলত সদৰী কৰে আৰু সাংবাদিক সকলক বহুল  প্ৰচাৰ কৰিবলৈ আহ্বান জনায় ।

সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত  ৰমী বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কুমাৰ শৰ্মা,জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰী  উপস্থিত থাকে ।

Related News