NORTHEAST NOW (Assamese)
অসম

লক্আপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2023 9:06 pm
Ranjit Bora murder

গুৱাহাটী মহানগৰীত দিন-দূপৰতে সংঘটিত হোৱা চাঞ্চল্যকৰ ৰঞ্জিত বৰা হত্যাকাণ্ড গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্তই আজি দিছপুৰ আৰক্ষী থানাৰ লকআপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলায়।

প্ৰকাশিত খবৰ অনুসৰি অভিযুক্ত শ্বাহ আলম তালুকদাৰে বাল্টিৰ চোকা ধাৰেৰে হাতৰ কব্জিত স্নায়ু কাটি আত্মহত্যাৰ চেষ্টা চলাইছিল।

উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰৰ দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ জিএমচিএইচলৈ নিয়াৰ পথত মৃত্যু হৈছিল।

বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰামৰ সমীপত সংঘটিত হৈছিল এই ঘটনা।

পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী কৰি দুৰ্বৃত্তই তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

শ্বাহ আলম তালুকদাৰক এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছিল। বাইকত অহা এক্সেল একাডেমীৰ স্বত্বাধিকাৰী শ্বাহ আলমে ঘটনাৰ দিনা ৰঞ্জিত বৰালৈ গুলী চলাইছিল।

ইতিমধ্যে মূল অভিযুক্ত শ্বাহ আলমৰ লগতে আন চাৰিগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত আন ৩ জন অভিযুক্ত হৈছে জয়দেৱ মহন্ত, জিতুমণি বৰ্মন আৰু হৰেন পাটগিৰি। আনগৰাকী অভিযুক্তৰ নাম এইপৰ্যন্ত ৰাজহুৱা কৰা নাই।