NORTHEAST NOW (Assamese)

বিৰাট কোহলীক ‘য়ো য়ো টেষ্ট’ৰ বিষয়ে প্ৰশ্ন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

September 24, 2020 7:06 pm · এন ই নাও নিউজ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিট ইণ্ডিয়া অভিযানৰ অংশস্বৰূপে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে বাৰ্তালাপ কৰে।

কোহলীৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোহলীক ফিটনেছে তেওঁৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলাইছে সেই সম্পৰ্কেও প্ৰশ্ন কৰে।

প্ৰধান মন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত কোহলীয়ে বৰ্তমান সময়ত ফিটনেছ অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত কৰি বৰ্তমান সময়ত ফিটনেছ নহ’লে মগজু আৰু শৰীৰৰ মাজত সমন্বয় ৰক্ষা কৰা সহজ নহয় বুলি কয়।

আনহাতে, কোহলীয়ে ভাৰতীয় ক্ৰিকেট দলৰ নেতৃত্ব লোৱাৰ পাছত দলত ফিটনেছক অধিক গুৰুত্বপূৰ্ণ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাই আহিছে যাৰ প্ৰভাৱ বৰ্তমান ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ ওপৰত পৰিছে বুলিও কোহলীয়ে কয়।

ভাৰতীয় দলত প্ৰতিভাৰ কেতিয়াও অভাৱ নাছিল কিন্তু ফিটনেছৰ ক্ষেত্ৰত কিছু কাম কৰিবলগীয়া আছিল বুলি কোহলীয়ে প্ৰধান মন্ত্ৰীৰ আগত কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোহলীক ভাৰতীয় দলত হোৱা য়ো য়ো টেষ্ট সম্পৰ্কতো প্ৰশ্ন কৰে।

বিৰাট কোহলীয়ে তেওঁক বৰ্তালাপৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

Related News