NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী, আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি বিভিন্নজনৰ হিমাক অভিনন্দন

August 26, 2018 10:54 pm · এন ই নাও নিউজ
Updated: August 26, 2018 10:56 pm
হিমাই নিজৰ টুইটযোগে দেশবাসীক কৃতজ্ঞতা জনায়।

চলিত এছিয়ান গেইমছত দেশৰ হৈ ৰূপৰ পদক জয় কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হিমাক দেশৰ বিভিন্নজনে হিয়া উজাৰি অভিনন্দন জনাইছে।

দেশৰ প্ৰধান মন্ত্ৰীয়ে নিজৰ টুইটযোগে হিমাক প্ৰশংসা কৰিছে আৰু লগতে ভৱিষ্যৎ উজ্জ্বল কামনা কৰে। প্ৰধান মন্ত্ৰীজনে লিখিছে, “One of India’s most admired athletes @HimaDas8 bags the coveted Silver in the Women’s 400m Final. India rejoices in her glory. Congratulations to her and all the best for her future endeavours. @asiangames2018”

প্ৰধান মন্ত্ৰীৰ উপৰি ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও হিমাক অভিনন্দন জনায়।

অসম অলিম্পিক সংস্থায়ো অভিনন্দন জ্ঞাপন কৰে প্ৰতিভাশালী দৌৰৰাণীগৰাকীক। সংস্থাৰ হৈ সম্পাদক ৰকিবুল হুছেইনে হিমা দাসক এই অভিনন্দন জনায়।

আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া

আনহাতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমাৰ দৌৰ সম্পূৰ্ণ হোৱাৰ পিছতে। হিমাক অভিনন্দন জনোৱাৰ লগতে হিমাক লৈ যিসকলো পূজা-পাতলেৰে অন্ধবিশ্বাসৰ চৰ্চা কৰিছে, তেওঁলোককো সমালোচনা কৰে।

আলফাৰ সেনাপ্ৰধানজনে এইদৰে হিমাৰ দৌৰৰ পূৰ্বে পদকৰ বাবে পূজা-অৰ্চনা কৰাটোৱে হিমাৰ ওপৰত চাপ বৃদ্ধিহে কৰে।

“হিমাক চাপমুক্ত হৈ খেলিবলৈ দিব লাগে। পূজা-পাতল, নাম-প্ৰসংগৰ লগত খেলৰ সম্পৰ্ক স্থাপন কৰি এটা অনাৱশ্যক চাপ সৃষ্টি কৰা বুলি কয় সেনাধ্যক্ষজনে।

বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ সৃষ্টিত হিমা দাস

বিখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কেও পূৰ্বৰ দৰেই এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ পিছত হিমা দাসৰ মূৰ্তি বালিৰে নিৰ্মাণ কৰি Pride of India বুলি অভিহিত কৰে।

Related News