NORTHEAST NOW (Assamese)

কন্যাৰ বিয়াত আহিব নোৱাৰিলেও বাৰাণসীত ৰিক্সা চালক মঙলক সাক্ষাৎ প্ৰধান মন্ত্ৰী মোদীৰ

February 19, 2020 11:30 am · এন ই নাও নিউজ
মোদীৰ সৈতে মঙল, উৎস-ইণ্টাৰনেট

ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰে ব্যক্তি গৰাকীয়ে। ব্যক্তি গৰাকীৰ ইচ্ছা আছিল তেওঁৰ কন্যাৰ বিয়াত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব।

বাৰাণসীৰ ডোমৰি গাঁৱৰ বাসিন্দা মঙল কেয়াতে সেই উদ্দেশ্যে দিল্লীত থকা প্ৰধান মন্ত্ৰীৰ দপ্তৰলৈ গৈ কন্যাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ দি মোদীক আমন্ত্ৰণ জনাই আহিছিল।

মঙলৰ কন্যাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলেও মোদীয়ে পত্ৰযোগে মঙলৰ কন্যাক শুভেচ্ছা জ্ঞাপন কৰে আৰু আশীৰ্বাদ দিয়ে।

অলপতে বাৰাণসী ভ্ৰমণলৈ যোৱা প্ৰধান মন্ত্ৰী মোদীয়ে ৰিক্সা চালক মঙলক সাক্ষাৎ কৰি সদ্য বিবাহিতা কন্যাৰ খবৰ লয়।

বাৰাণসী সমষ্টিৰ ডোমৰি গাঁৱৰ বাসিন্দা ৰিক্সা চালক মঙল কেওয়াতৰ কন্যাৰ বিগত ১২ ফেব্ৰুৱাৰিত বিয়া আছিল।

‘‘মোৰ ইচ্ছা আছিল কন্যাৰ বিয়াত প্ৰধান মন্ত্ৰী মোদী আহিব আৰু সেই উদ্দেশ্যে মই দিল্লীলৈ গৈ প্ৰধান মন্ত্ৰীৰ দপ্তৰত বিয়াৰ নিমন্ত্ৰণ দি আহিছিলো। ৮ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰীৰ পৰা চিঠি লাভ কৰিছিলো আৰু এনেধৰণৰ চিঠি পাম বুলি আশা কৰা নাছিলো,’’ মঙলে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী মোদীৰ দ্বাৰা অনুপ্ৰাণিত হৈ কেওয়াতে তেওঁৰ গাঁৱত থকা গংগা ঘাট নিয়মীয়াভাৱে পৰিষ্কাৰ কৰি আহিছিল।

প্ৰধান মন্ত্ৰীৰ সৈতে সাক্ষাতৰ সময়ত স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি মঙলে দেখুওৱা আগ্ৰহৰ বাবেও মোদীয়ে তেওঁক ধন্যাবদ জ্ঞাপন কৰে।

Related News