NORTHEAST NOW (Assamese)

কোভিড ভেকচিনৰ প্ৰস্তুতি সম্বন্ধে ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ সৈতে নৰেন্দ্ৰ মোদীৰ আলোচনা

November 28, 2020 1:56 pm · এন ই নাও নিউজ

পৰৱৰ্তী দশকত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ দ্বিপাক্ষিৰ সম্পৰ্ক সম্বন্ধে ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

শুকুৰবাৰে নৰেন্দ্ৰ মোদীয়ে ব্ৰিটিছ প্ৰধান মন্ত্ৰী জনছনৰ সৈতে আলোচনাত অংশ লোৱা বুলি সদৰী কৰে।

আনহাতে, আলোচনা কালত দুয়োগৰাকী নেতাই কোভিড-১৯ৰ প্ৰত্যাহ্বান আৰু কোভিড ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সহযোগিতা সম্বন্ধেও চৰ্চা কৰে।

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনে আগন্তুক বৰ্ষটো ভাৰত আৰু ইংলেণ্ডৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলিও মতপ্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে ভাৰতৰ পুনেস্থিত চেৰাম ইষ্টিটিউটৰ সৈতে একেলগে ক’ৰ’নাৰ ভেকচিন প্ৰস্তুতিৰ কাম কৰি আছে।

ইতিমধ্যে ভাৰতে ইংলেণ্ডৰ সৈতে কেইবালাখ কোভিড ভেকচিনৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে।

আনহাতে, আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড ভেকচিনৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ অৰ্থে আহমেদাবাদ, পুনে আৰু হায়দৰাবাদ ভ্ৰমণৰ বাবে ওলাইছে।

মোদীয়ে এই ভ্ৰমণৰ সময়ত চিৰাম ইষ্টিটিউট আৰু ভাৰত বায়োটেকৰ কাৰ্য্যালয়লৈয়ো যাব।

Related News