NORTHEAST NOW (Assamese)

মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্রান্ত ব্ৰিটেইনৰ যুৱৰাজ চাৰ্লছ; পৃথকে ৰখা হৈছে স্কটলেণ্ডত

March 25, 2020 5:31 pm · এন ই নাও নিউজ
Updated: March 25, 2020 5:39 pm
যুৱৰাজ চাৰ্লছ

ব্ৰিটেইনৰ যুৱৰাজ প্ৰিন্স চাৰ্লছৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

বুধবাৰে যুৱৰাজ চাৰ্লছৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ কথা নিশ্চিত কৰা হৈছে।

৭১ বছৰীয়া যুৱৰাজ চাৰ্লছ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে যদিও এই মুহূৰ্তলৈকে তেওঁ স্বাস্থ্য ভালে থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য চাৰ্লছেই হৈছে ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তি।

চাৰ্লছৰ পত্নী কামিলাৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছিল যদিও তেওঁৰ শৰীৰত এই মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰা নাই।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ব্ৰিটেইনৰ যুৱৰাজ আৰু তেওঁ পত্নীয়ে স্কটলেণ্ডৰ বালম’ৰেল কেষ্টলত চেল্ফ-আইচলেশ্যনত আছে।

যুৱৰাজ চাৰ্লছে যোৱা সপ্তাহত কেবাখনো ৰাজহুৱা অনুষ্ঠানত উপস্থিত থকাৰ ফলতে এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে ক্লাৰেন্স হাউছে।

যুৱৰাজ চাৰ্লছ হৈছে ৯৩ বৰ্ষীয় ৰাণী এলিজাবেথৰ জ্যেষ্ঠ সন্তান।

বাৰ্মিংহাম পেলেচৰ এক সূত্ৰই কৈছে যে, ‘ৰাণী এলিজাবেথ এতিয়াও সুস্থ হৈয়ে আছে।’

পেলেচৰ নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ যে ৰাণীয়ে যোৱা ১২ মাৰ্চত শেষবাৰ যুৱৰাছ চাৰ্লছক লগ পাইছিল।

আনহাতে ইউনাইটেড কীংডমত এতিয়ালৈকে ৮,০৭৭ জন লোক  ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৪২২ জন আক্ৰান্তৰ।

Related News