NORTHEAST NOW (Assamese)

চীনক চিন্তাত পেলাই ভাৰতে পৰীক্ষণ কৰিলে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা পৃথিৱী-২ মিছাইল

October 17, 2020 2:25 pm · এন ই নাও নিউজ
Updated: October 17, 2020 2:28 pm

চীনৰ সৈতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে ভাৰতে চীনক চিন্তাত পেলাই পৰীক্ষণ সম্পন্ন কৰিলে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা পৃথিৱী-২ মিছাইল।

ওড়িশাৰ চান্দিপুৰৰ পৰা শুকুৰবাৰে সন্ধিয়া ৭.৩০ বজাত পৃথিৱী-২ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়।ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ মাৰি পঠিয়াৱ পৰা এই মিছাইলে ৩৫০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত আঘাত হানিব পাৰিব।

ক্ষেপণাস্ত্ৰ বিধে ৫০০ ৰ পৰা ১০০০ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰিব।

পৃথিৱী-২ ক্ষেপণাস্ত্ৰৰ প্ৰথম পৰীক্ষণ সম্কন্ন কৰা হৈছিল ১৯৯৬ চনৰ ২৭ জানুৱাৰীৰ দিনা।

২০০৩ চনত এই ক্ষেপণাস্ত্ৰ ভাৰতীয় বায়ু সেনাই লাভ কৰে।

পৰৱৰ্তী সময়ত এই ক্ষেপণাস্ত্ৰত সংযোগ কৰা হয় ইনাৰছিয়েল নেভিগেছন ছিষ্টেম।ফলত ই শত্ৰু পক্ষৰ ঘাটি চিনাক্ত কৰি মোক্ষম আঘাত হানিবলৈ সক্ষম হ’ব।

উল্লেখ্য ভাৰতে ইটোৰ পিছত সিটোকৈ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কৰি গৈছে দেশ খনে। কেইদিনমান পূৰ্বে ভাৰতে ওড়িশাৰ বালাচোৰৰ পৰা দেশৰ প্ৰথমটো এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰম’ৰ সফল পৰীক্ষণ সম্পন্ন কৰে।সুখয় যুদ্ধ বিমানৰ পৰা মিছাইল বিধৰ পৰীক্ষণ কৰা হয়।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাই নিৰ্মাণ কৰি উলিওৱা এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰমে’ শত্ৰু পক্ষৰ যোগাযোগ ব্যৱস্থা তছনছ কৰি দিব পাৰিব।

এই মিছাইলে প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈৰ পৰাই শত্ৰুৰ ৰাডাৰ ধ্বংস কৰিব পাৰিব।

সুখয়ৰ উপৰি মিৰেজ-২০০০,জাগুৱাৰ,তেজছ আদি বিমানতো এই মিছাইল স্থাপন কৰা হব বুলি ডি আৰ ডি অ’ৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য  চীন আৰু ভাৰতৰ মাজত উত্তেজনা চলি থকাৰ মাজতে অলপতে ভাৰতে পাৰণৱিক শক্তিধৰ মিছাইল শৌৰ্যৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল।

ওড়িশাৰ উপকূলৰ পৰা শব্দতকৈও বেগী  এই মিছাইলৰ পৰীক্ষণ কৰা হয় ।

শৌৰ্য মিছাইলে ৮০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব।

দেশৰ প্ৰচলিত আন মিছাইল সমূহতকৈ এই মিছাইলৰ ওজন যথেষ্ট কম ।

উল্লেখ্য অলপতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

Related News