NORTHEAST NOW (Assamese)

আমিনগাঁৱত পৃথ্বীৰ শ্ব’: অপেক্ষা এতিয়া ৰিয়ানলৈ

January 11, 2023 4:16 pm · এন ই নাও নিউজ, গুৱাহাটী

পৃথ্বী শ্ব’। মুম্বাইৰ এগৰাকী ২৩ বৰ্ষীয় যুৱ ক্ৰিকেটাৰ। দুৰ্ধৰ্ষ বেটিঙৰ বাবে সুপৰিচিত শ্ব’ৱে ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীৰ মনত সাঁচ বহুৱাইছেই। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো ইতিমধ্যে পদাৰ্পণ কৰিছে। ভাৰতীয় দলত অৱশ্যে স্থান নিগাজী কৰাত কিছু ব্যৰ্থ হ’লেও প্ৰথম শ্ৰেণীৰ ক্ৰিকেট তথা ঘৰুৱা ক্ৰিকেটত শ্ব’ৱে অক্ষুণ্ণ ৰাখিছে ধাৰাবাহিকতা।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেট তথা ঘৰুৱা ক্ৰিকেটত ইটোৰ পিছত সিটোকৈ বিস্ফোৰক ইনিংছেৰে বলাৰক ত্ৰাহি মধুসূদন দেখুওৱা শ্ব’ৱে আজি তাণ্ডৱৰ সৃষ্টি কৰিলে আমিনগাঁৱত। আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত চলি থকা অসমৰ বিৰুদ্ধে ৰঞ্জী মেচত পৃথ্বীৰ বেটিং বিক্ৰমত দিশহাৰা হৈ পৰিল ঘৰুৱা দল অসম। কালিৰ ব্যক্তিগত ২৪০ ৰানৰ পৰা ইনিংছ পুনৰ আৰম্ভ কৰি আজি ৩৮৩ বলত ৩৭৯ ৰানৰ এক মাৰমুখী ইনিংছ খেলিলে যুৱ তাৰকাগৰাকীয়ে।

এই বিধ্বংসী ইনিংছটোৰে শ্ব’ ৰঞ্জী ক্ৰিকেটৰ ইতিহাসত এটা ইনিংছত দ্বিতীয় সৰ্বাধিক ব্যক্তিগত ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। এইক্ষেত্ৰত পৃথ্বীতকৈ আগত আছে কেৱল বি বি নিম্বালকাৰ। মহাৰাষ্ট্ৰৰ নিম্বালকাৰে ১৯৪৮/৪৯ ছিজনত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাজিত ৪৪৩ ৰান সংগ্ৰহ কৰি ৰঞ্জীৰ ইতিহাসত অক্ষত ৰাখিছে এই ঈৰ্ষণীয় অভিলেখ।

কেৱল সেয়াই নহয়, অ’পেনিং বেটাৰগৰাকীয়ে লগতে মুম্বাইৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰাৰ হিচাপেও ইতিহাস ৰচে। ১৯৯০-৯১ ছিজনত হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাইৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ ৰচিছিল সঞ্জয় মঞ্জৰেকাৰ।

পৃথ্বীৰ এই ধুমুহাৰ ফলশ্ৰুতিতে মুম্বায়ে প্ৰথম ইনিংছত থিয় কৰাইছে ৬৮৭ ৰানৰ বিশাল স্ক’ৰ। শ্ব’ৰ উপৰিও দলৰ অধিনায়ক আজিংক্যা ৰাহানেও ১৯১ ৰানৰ এক মাৰাথান ইনিংছ খেলে। মুম্বাইৰ এই বিশাল স্ক’ৰৰ প্ৰত্যুত্তৰত অসমে বৰ্তমানলৈকে ১ উইকেটত ১০০ ৰান সংগ্ৰহ কৰিছে। ৪০ ৰান সংগ্ৰহ কৰি অপেনাৰ শুভম মণ্ডলে বিদায় ল’লেও আনগৰাকী অপেনাৰ ৰাহুল হাজৰিকাই ৪২ ৰানত বেটিং কৰি আছে।

ৰাহুলৰ সৈতে ১৫ ৰান সংগ্ৰহেৰে ক্ৰীজত আছে ঋষভ দাস। ৯ টা উইকেট বাকী থকা অৱস্থাত অসম এতিয়াও পিছ পৰি আছে ৫৮৭ ৰানত। ইফালে পৃথ্বীৰ বিস্ফোৰণৰ পিছত এতিয়া ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈছে অসমৰ ৰিয়ান পৰাগৰ ওপৰত। ১৯ অনুৰ্ধ বিশ্বকাপত পৃথ্বীৰ সতীৰ্থ ৰিয়ানো সম্প্ৰতি দুৰন্ত ফৰ্মত আছে।

যোৱা সময়ছোৱাত ৰিয়ানে অসমৰ হৈ পালন কৰিছে গেম চেঞ্জাৰৰ ভূমিকা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত লাভ কৰা অভিজ্ঞতাৰে ক্ৰমাৎ পূৰঠ হৈ উঠিছে ৰিয়ান। এতিয়া পৃথ্বীৰ এই চমৎকাৰী বেটিঙৰ পিছত স্বাভাৱিকতেই ৰিয়ান পৰাগৰ বেটৰ পৰাও এনে এক ইনিংছ পৰিলক্ষিত কৰিবলৈ উৎসুক হৈ পৰিছে অনুৰাগী।

Related News