NORTHEAST NOW (Assamese)
Popular Stories

কৰ’না সম্পৰ্কত সজাগতা সৃষ্টি; ‘নিৰাপদ হাত’ কাৰ্য্যসূচীৰ বাবে দীপিকা-প্ৰিয়ংকা মনোনীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 6:59 am
Actress

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মানুহৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্ব স্বাস্থ্য সংস্থাই বলীউদৰ দুই অভিনেত্ৰী দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰাক ‘নিৰাপদ হাত’ কাৰ্য্যসূচীৰ বাবে মনোনয়ন কৰে।

বিগত ১৩ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই নিয়মীয়াকৈ হাত ধুই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে সকলোকে আহ্বান জনাইছিল।

ভাৰতৰ দুই অভিনেত্ৰী দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰাৰ উপৰিও বিল গেটছ, মেগি ডি ব্লক আদিৰ দৰে প্ৰখ্যাত ব্যক্তিক নিৰ্বাচিত কৰা হৈছে।

কৰ’না ভাইৰাছ মহামাৰীৰ পৰা হাত সাৰি থকাৰ বাবে নিজৰ হাতক নিৰাপদ কৰি ৰখাৰ লগতে বিভিন্ন সজাগতা সৃষ্টি কৰিব এই সকল ব্যক্তিয়ে।

উল্লেখযোগ্য যে, চীনত আবিৰ্ভাৱ হোৱা কৰ’না ভাইৰাছে চীনত আতংক সৃষ্টি কৰাৰ পাছত বৰ্তমান ইউৰোপত গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

ভাৰততো মঙলবাৰে কৰ’নাত ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই ১৩০ৰ ঘৰ অতিক্ৰম কৰিছে।

ইতিমধ্যে তিনিগৰাকী লোকৰ ভাৰতত এই ভাইৰাছৰ প্ৰভাৱত মৃত্যু হৈছে।