NORTHEAST NOW (Assamese)

নৰেন্দ্ৰ মোদীয়ে কিয় গুজৰাটৰ পৰা নিৰ্বাচন নেখেলে? কাৰণ জনাই সৰৱ প্ৰিয়ংকা গান্ধী

May 5, 2024 10:49 am · এন ই নাও নিউজ, নতুন দিল্লী

পুনৰ সৰৱ হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আক্ৰমণ কৰিলে নৰেন্দ্ৰ মোডীক। শনিবাৰে গুজৰাটৰ বানাস্কান্থাৰ লাখানী গাঁৱত এখন ৰাজহুৱা সভাত প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটৰ পৰা কিয় প্ৰতিদ্বন্দ্বিতা কৰা নাই।

প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে মোদীয়ে সদায় দাবী কৰি আহিছে যে তেওঁ নিজৰ ৰাজ্য গুজৰাটত বহু উন্নয়ন কৰিছে। তেতিয়াহ’লে তেওঁ নিজৰ ৰাজ্যৰ পৰাই লোকসভা নিৰ্বাচনত যুঁজ দিব লাগে। তাৰ পিছতো গুজৰাটৰ পৰা মোডীয়ে কিয় যুঁজ দিয়া নাই বুলি প্ৰশ্ন কৰে প্ৰিয়ংকাই।

লগতে পঢ়কঃ যাত্ৰীৰ চাহিদা বৃদ্ধি! গুৱাহাটীৰ পৰা চলিব আৰু কেইখনমান গ্ৰীষ্মকালীন বিশেষ ৰে’ল

শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই আৱেগিক হৈ পৰে প্ৰিয়ংকা গান্ধী। তেওঁ কয়, ‘মোৰ ভাতৃক তেওঁলোকে শ্বেহজাদা বুলি কয়। মই ক’ব বিচাৰো যে শ্বেহজাদাই ৪০০০ কিলোমিটাৰ খোজ কাঢ়ি মানুহৰ সমস্যাৰ কথা শুনিছে। সাধাৰণ মানুহৰ লগত কথা পাতিছে। তেওঁলোকৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিছে। মোদীয়ে কেতিয়াবা কৃষক বা শ্ৰমিকৰ লগত কথা পাতিছেনে?

প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে বিজেপিৰ মূল লক্ষ্য হৈছে সংবিধান সলনি কৰা। আইন প্ৰণয়ন কৰি জনসাধাৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰা।

তেওঁ মোডীৰ ৰাজ্য গুজৰাটৰ সাম্প্ৰতিক পৰিস্থিতিক লৈও ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ অধিকাংশ বিদ্যালয় ব্যক্তিগত। শ্ৰমিক আৰু কৃষককে ধৰি অভিভাৱকসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু সন্তানৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুবিধা নিশ্চিত কৰিব লগা হয়। প্ৰায়ে বহুত ঋণ ল’বলগীয়া হয়। কিন্তু যেতিয়া পৰীক্ষাৰ কথা আহে প্ৰশ্নকাকত ফাদিল হয়। ভৱিষ্যতক লৈ এই অনিশ্চয়তাৰ মাজতে বছৰ বছৰ ধৰি গুজৰাটত অসংখ্য প্ৰশ্নকাকত ফাদিলৰ ঘটনা ঘটিছে।

লগতে পঢ়কঃভাৰতীয় বিজ্ঞানীসকলৰ ডাঙৰ সফলতা! চন্দ্ৰত বৰফৰ নতুন প্ৰমাণ পোৱাৰ দাবী

উল্লেখ্য যে শেহতীয়াকৈ ৰাহুল গান্ধীয়ে আমেথিৰ সলনি ৰায়বেৰেলী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। তাৰ বাবেই তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। 

Related News