NORTHEAST NOW (Assamese)
Popular Stories

এই চৰকাৰৰ ৰাজনৈতিক কাপুৰুষালি অতুলনীয়- লোকসভাত মোদী-শ্বাহক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2025 7:40 pm

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে লোকসভাত অপাৰেচন সিন্দুৰৰ বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণ কৰে। সেইদিনা অমিত শ্বাহে ভাষণত কংগ্ৰেছক সমালোচনা কৰে যে বাটলা হাউছ এনকাউণ্টাৰৰ পৰা ছোনিয়া গান্ধীৰ চকুলোৰ ওপৰত মন্তব্য কৰা হৈছে। ইয়াৰ উত্তৰত ৱায়ানাদৰ সাংসদ প্ৰিয়ংকাই কয়, “আপুনি মোৰ মাৰ চকুলোৰ কথাও ক’বলৈ এৰি দিয়া নাছিল।অৱশ্যে আক্রমণকাৰীয়ে কেনেকৈ পহলগাম পালেগৈ তাৰ কোনো উত্তৰ নিদিলে৷”

এই চৰকাৰৰ ৰাজনৈতিক কাপুৰুষালি অতুলনীয় বুলি অভিযোগ কৰে প্ৰিয়ংকাই। প্ৰিয়ংকাই কয়, ‘আপোনাৰ বাবে সকলো ৰাজনীতি। সকলো অপপ্ৰচাৰৰ বিষয়। এইটো কোনো সোণৰ মুকুট নহয়। এইটো কাঁইটৰ মুকুট। আৰু এই চৰকাৰ ইমানেই দুৰ্বল যে ভুল স্বীকাৰ কৰিবলৈ ভয় কৰে।’ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ কথা উল্লেখ কৰিবিজেপিৰ অপপ্ৰচাৰৰ প্ৰচেষ্টাক সমালোচনা কৰি কয় যে ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ইন্দিৰা গান্ধীয়ে ব্যক্তিগত সফলতা বুলি প্ৰচাৰ কৰা নাছিল।

লগতে তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানী জেনেৰেল অসীম মুনিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। এইখিনিতে আমাৰ কূটনৈতিক বিফলতা নিহিত হৈ আছে, আপুনি স্বীকাৰ নকৰে। ভাৰতত এইবাৰ হঠাৎ যুদ্ধ বন্ধ হৈ পৰিছে। আপুনি নেহৰুৰ নাম উত্থাপন কৰিছে, কিন্তু তথাপিও উত্তৰ নিদিয়ে কিয় যুদ্ধ বন্ধ হল?

প্ৰিয়ংকাই প্ৰশ্ন কৰে, “দিল্লী দাঙ্গা, মণিপুৰ, পহলগামৰ দৰে ঘটনা আপোনাৰ চৰকাৰৰ কালত ঘটিছিল, তেন্তে আপুনি কিয় বহি আছে?” আপুনি মৌখিকভাৱে অতীতৰ উদাহৰণ দিছে, আনহাতে আমি বৰ্তমানৰ কথা কৈছো। পহলগাম ঘটনাৰ দায়িত্ব স্বীকাৰ কৰক। তেওঁ অভিযোগ কৰে যে দেশৰ চোৰাংচোৱা সংস্থা বিফল হৈছে। যাৰ দায়িত্ব সম্পূৰ্ণৰূপে গৃহমন্ত্ৰীৰ ওপৰত। তেওঁ পদত্যাগ কৰিছেনে, দায়িত্ব লৈছেনে, বুলি গান্ধী পৰিয়ালৰ কনিষ্ঠ কন্যাই প্ৰশ্ন কৰে।