NORTHEAST NOW (Assamese)
দেশ

ৱায়নাদত ৰাহুলক চেৰ পেলালে প্ৰিয়ংকাই : জীৱনৰ প্ৰথমখন মেচতেই বৃহৎ জয় প্ৰিয়ংকাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 23, 2024 5:24 pm

ৱায়নাদৰ লোকসভা উপনিৰ্বাচনত ৰাহুল গান্ধীক চেৰ পেলালে প্ৰিয়ংকা গান্ধীয়ে।

কেৰালাৰ ৱায়নাদ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৬২২৩৩৮ টা ভোট লাভ কৰি জয়লাভ কৰে প্ৰিয়ংকা গান্ধীয়ে। ৪১০৯৩১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে প্ৰিয়ংকাই।

উল্লেখ্য যে পূৰ্বতে ৱায়নাদ সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে ৩,৬৪,৪২২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল। সেইফালৰ পৰা ৰাহুল গান্ধীতকৈ অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিছে প্ৰিয়ংকা গান্ধীয়ে।

এই আসনৰ পৰা ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী। ৰাহুলে বাওঁ গণতান্ত্ৰিক মৰ্চাৰ চিপিআই(এম) প্ৰাৰ্থী এনি ৰাজাক ৩,৬৪,০০০ তকৈও অধিক ভোটত পৰাজিত কৰিছিল।

কিন্তু ৰাহুল গান্ধীয়ে ৱায়ানাদ সমষ্টি এৰি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈছিল। ইয়াৰ পিছত ৱায়নাদৰ উপনিৰ্বাচনত ৰাহুল গান্ধীৰ সলনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰিয়ংকা গান্ধীয়ে।