NORTHEAST NOW (Assamese)
Popular Stories

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2023 8:30 pm

যোৱা ৩ ফেব্ৰুৱাৰীত গুজৰাটৰ এটি বেংকত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। দুজন গ্ৰাহকে বেংকত প্ৰৱেশ কৰি মাৰপিট কৰিছে বেংকৰ কৰ্মচাৰীক। গুজৰাটৰ নদিয়াদত সংঘটিত হৈছে এই ঘটনা।

ঋণ লোৱাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। ৩ ফেব্ৰুৱাৰীৰ দিনা বেংকৰ দুজন গ্ৰাহকে দুপৰীয়া বেংকলৈ সোমায়েই বেংকৰ এজন কৰ্মচাৰীৰ ফালে চোঁচা লয়। তেওঁলোকে কৰ্মচাৰীজনৰ চোলাত ধৰি চৰ আৰু গোৰ মাৰি আহত কৰে কৰ্মচাৰীজনক।

কৰ্মচাৰীজনে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা শুকুৰবাৰে দুপৰীয়া তেওঁলোকে বেংকত সোমাই মোক মাৰপিট কৰিবলৈ ধৰে। এই সকলোবোৰ দেখি যেতিয়া মোক বচাবলৈ বেংকৰ আন কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীসকল আগবাঢ়ি আহিছিল, তেতিয়া তেওঁলোককো মাৰপিট কৰে গ্ৰাহক দুজনে।

বেংকত প্ৰৱেশ কৰি বেংকৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত ইতিমধ্যে দুইজন গ্ৰাহককে গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।

যোৱা ৩ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই ঘটনাৰ চিচি টিভি ফুটেজ দেওবাৰে প্ৰকাশ কৰা হয়। ইতিমধ্যেই সামাজিক মাধ্যমত বিয়পি পৰিছে এই মাৰপিটৰ দৃশ্য।

ভুক্তভোগী বেংক কৰ্মচাৰীজনৰ নাম মনীষ ধনগৰ। তেওঁ উক্ত বেংকত ঋণ বিভাগ চম্ভালে। জানিব পৰা মতে মাৰপিট কৰা এজন গ্ৰাহকৰ নাম সমৰ্থ ব্ৰহ্মত।