NORTHEAST NOW (Assamese)
অসম

য়ু পি পি এলৰ পৰা পদত্যাগ প্ৰদীপ কুমাৰ দৈমাৰীৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান July 2, 2019 1:03 pm
daimary-uppl

প্ৰাক্তন এবছু নেতা তথা য়ুনাইটেড পিপল’ছ পাৰ্টি লিবাৰেল চমুকৈ য়ু পি পি এলৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ দৈমাৰীয়ে সোমবাৰে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। সম্পূৰ্ণ ব্যক্তিগত কাৰণৰ বাবেই আঞ্চলিক দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে দৈমাৰীয়ে।

দলটোৰ সভাপতিলৈ প্ৰেৰণ কৰা এক পত্ৰত দৈমাৰীয়ে দলৰ সকলো সদস্যকে তেওঁৰ ৰাজনৈতিক জীৱনত কৰা সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জনায়।

ৰাজনৈতিক নেতাজনৰ এনে সিদ্ধান্তৰ পিছতেই নৰ্থ-ইষ্ট নাওৱে তেওঁৰ ভৱিষৎ পৰিকল্পনাৰ বিষয়ে জানিব বিচৰাত আগন্তুক দিনত তেওঁ কোনো ৰাজনৈতিক দলতে যোগ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে। অৱশ্যে সমাজৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি নৰ্থ-ইষ্ট নাওৰ আগত উল্লেখ কৰে।

উল্লেখ্য যে দৈমাৰীয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত য়ু পি পি এলৰ হৈ মঙলদৈ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰদীপ কুমাৰ দৈমাৰীয়ে মুঠ ভোটৰ ৬.৯ শতাংশ হাৰেৰে মুঠ ১০৩৪০২ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।