NORTHEAST NOW (Assamese)
অসম

ৰং-তুলিকাৰ “যাদুকৰ” বেণু মিশ্ৰৰ দেহাৱসান; ম্ৰিয়মাণ শিল্পীসমাজ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 29, 2019 12:04 pm
Benu Mishra

আজি পুৱাতেই যশস্বী চিত্ৰশিল্পী বেণু মিশ্ৰৰ দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৰং-তুলিকাৰ যাদুকৰজন।

আজি পুৱা ৬ বজাত কাহিলিপাৰাৰ নিজৰ ঘৰতে ৮০ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰে ৰাজ্যখনৰ বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে।

মিশ্ৰ ভাৰতীয় গণ নাট্যসংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল লগতে গুৱাহাটীৰ চানমাৰিস্থিত আৰ্টিষ্ট গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

২০০৬ চনত অসম চৰকাৰৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল শিল্পী মিশ্ৰই।

কিছু সময়ৰ পাছতে তেওঁৰ নশ্বৰদেহ চানমাৰিস্থিত আৰ্টিষ্টছ গীল্ডলৈ অনা হ’ব। তাৰ পিছত বিয়লি নৱগ্ৰহৰ শ্মশানত মৃতদেহ সৎকাৰ কৰা হ’ব, জনালে পৰিয়ালৰ সূত্ৰই।

আনহাতে শিল্পীজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শিল্পীজনৰ মৃতদেহ ৰাজ্যিক মৰ্য্যাদাৰে সৎকাৰ কৰাৰ কথাও জনালে মুখ্য মন্ত্ৰীয়ে।