NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি যোগেন টাইড আৰু নাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 9, 2024 8:36 pm

সোৱণশিৰিৰ পাৰৰ কবি যোগেন টাইড আৰু নাই। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল কবিগৰাকী।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।

অসমীয়া ভাষাত কবিতা লিখা মিচিং জনগোষ্ঠীৰ কবিসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। উত্তৰ অসমৰ বিশেষকৈ মিচিং জনগোষ্ঠীৰ গ্ৰাম্য সমাজখনত প্ৰতিনিধিত্ব কৰিছিল তেওঁৰ কবিতাই।

সোৱণশিৰিৰ পাৰৰ ঘূণাসূঁতিৰ অঞ্চলত প্ৰতিবছৰে কবিতাৰ উৎসৱ আয়োজন কৰিছিল তেওঁ।

যোগেন টাইডৰ সংকলনসমূহ হৈছে – সৰিয়হ ৰখিয়া এজনি গাভৰু, বৰষুণত গাভৰু জাক আৰু আজি ৰাতি থাকি যোৱা হ’লে।

১৯৬৮ চনত ঘূণাসুঁতিত জন্ম গ্ৰহণ কৰা যোগেন টাইড পেচাত আছিল এখন বিদ্যালয়ৰ শিক্ষক।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী পুত্ৰক এৰি থৈ যায়।