NORTHEAST NOW (Assamese)

জেহাদীৰ বিৰুদ্ধে অভিযানৰ নামত মুছলমানৰ বিৰুদ্ধে চলোৱা হৈছে অপপ্ৰচাৰ: অভিযোগ অখিল গগৈৰ

August 4, 2022 8:08 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা বুলি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে দাবী কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

ডিব্ৰুগড়ত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰাৰ পাছতেই অখিল গগৈয়ে বিজেপিৰ অপপ্ৰচাৰক ঘৃণা কৰে বুলি মন্তব্য কৰিছে।

সাংবাদিকৰ সৈতে এক বাৰ্তালাপত গগৈয়ে কয় যে জেহাদী তথা অন্যান্য যিমান সন্ত্ৰসবাদী গোট আছে, সকলোকে গুৰিতেই শেষ কৰি পেলোৱাটো জাতিটোৰ বাবে মংগলজনক।

“কিন্তু একেটা সময়তে ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ শাসকীয় দলে যাতে আশ্ৰয় গ্ৰহণ নকৰে তাৰ বাবেও আমি সকীয়াই দিছো” বুলি মন্তব্য কৰে অখিল গগৈয়ে।

তেওঁ কয়, “জেহাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত ৰাজ্যত মুছলমানৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে। এইদৰে সমগ্ৰ অসমীয়া জাতিৰ মাজত থকা মুছলমানসকলৰ বিৰুদ্ধে যি অপপ্ৰচাৰ কৰা হৈছে তাক আমি ঘৃণা কৰোঁ।”

গগৈয়ে লগতে কয়, “বৰ্তমান অসমত দুটাকৈ সাম্প্ৰদায়িক মৌলবাদী দল আছে। তাৰে এটা হ’ল হিন্দু মৌলবাদী দল বিজেপি আৰু এটা মুছলিম মৌলবাদী দল এ আই ইউ ডি এফ।”

এই দুয়োটা দলে অসমৰ সমাজ জীৱন সাম্প্ৰদায়িক ৰাজনীতিৰে অস্থিৰ কৰি ৰাখি মৌলিক সমস্যা বিলাকৰ পৰা মানুহক আঁতৰ কৰি ৰাখিব খোজে বুলি দাবী কৰে বিধায়ক গগৈয়ে।

Related News