NORTHEAST NOW (Assamese)

ধৰ্মীয় অনুভূতিত আঘাত : ছাত্ৰ-ছাত্ৰীক দেখুৱালে হজৰত মহম্মদৰ কাৰ্টুন, নিলম্বিত হ’ল শিক্ষক, ক’ত?

March 27, 2021 9:26 am · এন ই নাও নিউজ
Updated: March 27, 2021 9:33 am

ব্ৰিটেইনত হজৰত মহম্মদৰ এটা কাৰ্টুনক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

কিছু বছৰ পূৰ্বে বিশ্বত জোকাৰণি তোলা ফ্ৰান্সৰ হাস্যব্যংগাত্মক আলোচনী চাৰ্লী হেবডোত প্ৰকাশিত হজৰত মহম্মদৰ কাৰ্টুনটো বাটলী গ্ৰামাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদৰ্শন কৰাৰ পাছতে এই বিতৰ্কৰ আৰম্ভণি ঘটিছে।

বাতৰি মতে, ইংলেণ্ডৰ উত্তৰ অঞ্চলৰ ৱেষ্ট য়ৰ্কশ্বায়াৰত অৱস্থিত চৰকাৰী হাইস্কুলখনৰ এগৰাকী শিক্ষকে সোমবাৰে উক্ত কাৰ্টুনটো প্ৰদৰ্শন কৰিছিল।

শুকুৰবাৰে তেওঁক নিলম্বন কৰা হয়।

শিক্ষকজনে কাৰ্টুনটো প্ৰদৰ্শন কৰাৰ পাছতে অঞ্চলটো থকা মুছলিম ধৰ্মাৱলম্বী সম্প্ৰদায়ে আপত্তি প্ৰদৰ্শন কৰে।

কিছুসংখ্যক লোকে বৃহস্পতিবাৰে স্কুল চৌহদৰ বাহিৰত প্ৰতিবাদ প্ৰদৰ্শন কৰে।

শুকুৰবাৰে প্ৰতিবাদী লোকসকলৰ সংখ্যা অধিক হৈ পৰে।

স্কুল কৰ্তৃপক্ষই মুছলিম সম্প্ৰদায়টোক ক্ষমা খোজে।

উল্লেখযোগ্য যে ইছলাম ধৰ্ম প্ৰবৰ্তন কৰোতা হজৰত মহম্মদৰ কোনো ছৱি অঁকা অথবা প্ৰদৰ্শন কৰাটো ইছলাম ধৰ্মবিৰোধী।
ব্ৰিটেইনত বৰ্তমান ৩.৩ মিলিয়ন ইছলামধৰ্মী লোকে বসবাস কৰি আহিছে।
কাৰ্টুনটোৰ প্ৰদৰ্শনক লৈ দেশখনৰ ইছলামিক সংগঠনসমূহে আপত্তি দৰ্শাইছে।

আনহাতে, স্কুলখনত প্ৰদৰ্শন কৰা কাৰ্টুনটোৰ বাবে চাৰ্লি হেবডো আলোচনীৰ পেৰিছস্থিত কাৰ্যালয়ত ইছলামিক উগ্ৰবাদীয়ে আক্ৰমণো সংঘটিত কৰিছিল।

২০১৫ চনত সংঘটিত আক্ৰমণটোত প্ৰাণহানি ঘটিছিল ১২জন লোকৰ।

Related News