NORTHEAST NOW (Assamese)

ছিডনীত ভাৰত-অষ্ট্ৰেলিয়াৰ খেল ব্যাহত কৰি খেলপথাৰৰ ভিতৰত ‘আদানি গ্ৰুপ’ৰ বিৰুদ্ধে প্ৰতিবাদ

November 27, 2020 4:45 pm · এন ই নাও নিউজ
উৎস-টুইটাৰ

কোভিডৰ বাবে দীৰ্ঘদীন ক্ৰিকেটৰ পথাৰৰ পৰা বাহিৰত থকা ভাৰতীয় ক্ৰিকেট দলে আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাজলৈ উভতি আহিছে।

অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰ’ণ ফিন্সে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু খেলৰ ষষ্ঠ অভাৰ চলি থকাৰ সময়তে সকলোকে হতভম্ব কৰি দুগৰাকী প্ৰতিবাদকাৰীয়ে হাতত বেনাৰ লৈ খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰে।

‘‘ন’ ১ বিলিয়ন আদানি লোন চাইন,’’ প্ৰতিবাদকাৰী দুগৰাকীৰ বেনাৰত এইদৰে লিখা থকা দেখা গ’ল।

প্ৰতিবাদকাৰী দুগৰাকীয়ে এনেদৰে খেলপথাৰত প্ৰৱেশ কৰাৰ ফলত কিছুসময়ৰ বাবে খেল স্থগিত হৈ পৰে কিন্তু পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী দুগৰাকীক আতৰাই নিয়ে।

আনহাতে, প্ৰতিবাদকাৰী দুগৰাকীয়ে পিন্ধি অহা টি-ছাৰ্টৰ সন্মুখৰ ফালে লিখা আছিল, ‘#ষ্টপআদানি’’ আৰু পাছফালে লিখা আছিল ‘‘ষ্টপ ক’ল(কয়লা) #ষ্টপআদানি, টেক একশ্যন’’।

শেহতীয়াভাৱে প্ৰকাশিত এক বাতৰি অনুসৰি ভাৰতীয় ষ্টেট বেংকে আদানি গ্ৰুপক ১ বিলিয়ন অষ্ট্ৰেলিয়ান ড’লাৰৰ ঋণ দিয়াৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছিল।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত কয়লা খনন প্ৰকল্পৰ কাম কৰিবলগীয়া আদানি গ্ৰুপে দেশখনত প্ৰতিবাদৰ সন্মুখিন হৈছিল।

মূলত কয়লা খননৰ বাবে পৰিবেশৰ ওপৰত পৰিব পৰা কু-প্ৰভাৱৰ বাবেই আদানিয়ে এই প্ৰকল্পৰ কামত অষ্ট্ৰেলিয়াত প্ৰতিবাদৰ সন্মুখিন হৈছে।

আদানি গ্ৰুপে উক্ত প্ৰকল্পত কুইলেণ্ডৰ ১৫০০ কৈ অধিক লোকক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল।

Related News