NORTHEAST NOW (Assamese)
অসম

AJP সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনত আক্ৰমণ কৰাৰ প্ৰতিবাদত প্ৰতিবাদী সমদল

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ March 2, 2021 2:27 pm
bhaba

নলবাৰী জিলাৰ কালাগত যোৱা ২৮ ফেব্ৰুৱাৰীৰ দিনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি এদল উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ গৰিহণা আৰু নিন্দা কৰি AJP ৰ মাৰ্ঘেৰিটা সমিতিয়ে আজি মাৰ্ঘেৰিটা চাংলাং তিনিআলিৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

বিজেপিৰ গুণ্ডাগিৰি নচলিব, বিজেপি গ’ বেগ আদি বিভিন্ন শ্ল’গান দিয়াৰ লগতে প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল বাহিৰ কৰি গুণ্ডাবাহিনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

আজিৰ এই প্ৰতিবাদী সমদলক নেতৃত্ব দিয়ে AJPৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱে।