NORTHEAST NOW (Assamese)

সাংবাদিক আক্রমণৰ প্ৰতিবাদত লখিমপুৰত অৱস্থান ধৰ্মঘট

April 30, 2019 4:54 pm · ফাৰহানা আহমেদ
Updated: April 30, 2019 5:06 pm

শেহতীয়াকৈ ৰাজ্যৰ কেইবাঠাইত সাংবাদিকৰ ওপৰত সংঘটিত আক্ৰমণৰ প্ৰতিবাদ জনাই উত্তৰ লখিমপুৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ) লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত উক্ত ২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীত মাছৰ লগতে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাব আৰু বিভিন্ন দল সংগঠনৰ সদহ্যসকলে অংশগ্ৰহণ কৰে।

ধৰ্মঘটকাৰী সকলে দোষীক কৰাক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্রদানৰ লগতে সাংবাদিকসকলক সকলোধৰণৰ আক্ৰমণ আৰু ভীতি প্ৰদৰ্শনৰ পৰা সুৰক্ষা দিয়াৰ দাবী জনায়।

আনহাতে তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুয়ে আজি লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত তেওঁ দেওবাৰে নিশা তেজপুৰৰ পৰা আমিনগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ই ভি এম মেচিন কঢ়িয়াই অনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিষয়ত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে।

Related News