NORTHEAST NOW (Assamese)
অসম

নিজ সমষ্টিতে জনৰোষৰ সন্মুখীন মন্ত্ৰী অতুল বৰা; সাহায্যৰ নামত মন্ত্ৰীয়ে দিয়া খাদ্য সামগ্ৰী প্ৰত্যাখান ৰাইজৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 23, 2020 8:50 pm
নিজ সমষ্টিতে জনৰোষৰ সন্মুখীন মন্ত্ৰী অতুল বৰা; সাহায্যৰ নামত মন্ত্ৰীয়ে দিয়া খাদ্য সামগ্ৰী প্ৰত্যাখান ৰাইজৰ

বোকাখাত সমষ্টিৰ বিধায়ক মন্ত্ৰী অতুল বৰাই ল’কডাউনৰ সময়ত বিপদগ্ৰস্ত লোকৰ বাবে খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰি বিগত দুটা মাহ সমষ্টিৰ বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণ কৰি ফুৰিছে ৷

জানিব পৰা মতে, সমষ্টিৰ ৬০ হেজাৰ লোকক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে মন্ত্ৰী অতুল বৰাই। নিৰ্বাচনৰ প্ৰাকক্ষণত এইয়া নিৰ্বাচনী কৌশলহ বুলি লাহে লাহে ৰাইজে ভাবিবলৈ আৰম্ভ কৰিছে ৷

আজি বোকাখাত নগৰৰ চাৰিটা ৱাৰ্ডৰ উপৰিও বহিখোৱা আৰু ১ নং বেলগুৰি গাঁৱৰ লোকৰ মাজতো অতুল বৰাই খাদ্য সামগ্ৰীৰ টোপোলা দিয়া কথা আছিল ৷ যাৰ বাবে বোকা পানীৰে পৰিপূৰ্ণ বাট অতিক্ৰমি সমবেত হৈছিল গাওঁবাসী ৷

গাওঁবাসীয়ে মন্ত্ৰী গৰাকীক লগ কৰি ৰাইজৰ দুখ-দুৰ্দশা কথা অৱগত কৰি সমাধান পাব বুলি আশাও কৰিছিল কিন্তু বহু প্ৰতীক্ষাৰ পাচতো মন্ত্ৰী অতুল বৰা উপস্থিত নহ’ল ৷

ইয়াৰ বিপৰীতে মন্ত্ৰীজনাৰ লগত থকা পালি প্ৰহৰী সকলে পথৰ ওপৰতে খাদ্যৰ টোপোলা পেলাই থৈ যায় ৷

অতুল বৰাৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে গাঁওবাসী ৷ গেলা আলু, পিয়াজ, গোটমৰা আটা আদিৰে দিয়া অতুল বৰাৰ খাদ্য সামগ্ৰী বাঢ়নি পানীত উটুৱাই দি প্ৰতিবাদ জনায় গাওঁবাসীয়ে ৷ 

ইফালে, বহিখোৱা গাওঁতো সাহায্য বিতৰণৰ বাবে মন্ত্ৰী আহিব বুলি সমবেত হয় গাওঁবাসী ৷

মন্ত্ৰীক ৰাইজৰ অভাৱ অভিযোগ অৱগত কৰিবৰ বাবে হাতে হাতে প্লে কাৰ্ডো লৈ আহে একাংশ লোকে ৷

”আমাক ১ কিলো আলু নালাগে,আমাক লাগে এখন দলং পকী ৰাস্তা ৷ বিধায়ক পুঁজিৰ টকাবোৰেৰে সমষ্টিৰ কি কি উন্নয়ণ কৰিলে তাৰ ৰিপৰ্ট কাৰ্ড ৰাজহুৱা কৰক ৷ বহিখোৱাবাসী ৰাইজৰ ভূমিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি দিয়া কথাবোৰ পাহৰি গ’ল কিয়,” আদি প্লে কাৰ্ড লৈ সমবেত হ’য় গাঁৱবাসী ৷

এই পৰিস্থিতিৰ উমান পাই বহিখোৱা গাঁৱলৈও অহাৰ পৰা বিৰত থাকে মন্ত্ৰী অতুল বৰা ৷

শেষত মন্ত্ৰী অতুল বৰাৰ প্ৰতিনিধিহৈ অসম গন পৰিষদ দলৰ তিনিগৰাকী কৰ্মকৰ্তা গৈ বহিখোৱা গাঁৱত  উপস্থিত হৈ অতুল বৰাই দিয়া খাদ্য সামগ্ৰী লবৰ বাবে গাওঁবাসীক অনুৰোধ জনায় ৷

সমবেত ৰাইজে কিন্তু অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে দি যোৱা প্ৰতিশ্ৰুতিৰ আৰু ৰাইজৰ দাবীৰ উত্তৰ দিবৰ বাবে মন্ত্ৰী আহিব লাগিব বুলি দাবী জনাই মন্ত্ৰী অতুল বৰাৰ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰত্যাখন কৰে ৷