NORTHEAST NOW (Assamese)
Popular Stories

শাসকীয় বিজেপিয়ে কৰিলে আৰম্ভ : ডিজিটেলী হ’বলৈ গৈ আছে নেকি সকলো নিৰ্বাচনী প্ৰচাৰ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 23, 2020 8:51 pm
104645794_2839548332939592_5277538054959176123_o

সমগ্ৰ বিশ্বতে ক’ৰ’নাৰ ত্ৰাস, এজনে আন এজনক কৰিব নোৱাৰা হৈছে কৰমৰ্দন, মানি চলিবলগীয়া হৈছে সামাজিক ব্যৱধান।

একেলগে হাজাৰ হাজাৰ লাখ-লাখ লোক সমাবেশ ঘটিব পৰা নাই কোনো ঠাইত। বাতিল হ’ল বিটিএডি নিৰ্বাচন, অনুষ্ঠিত নহ’ল কোনোধৰণৰ জনসভা বা বৃহৎ ৰেলী।

তাৰ মাজতে আজি অসমত বিজেপিয়ে আৰম্ভ কৰিলে ভাৰ্চুৱেল ৰেলী। ডিজিটেলী অসমৰ প্ৰায় ৩৩ লাখ বিজেপি কৰ্মকৰ্তাক সামৰিলে আজিৰ এই ভাৰ্চুৱেল ৰেলীয়ে।

এই দাবী কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয় প্ৰকাশ নড্ডাই।

‘যেতিয়াই আমি ডিজিটেলী ৰেলীৰ কথা কওঁ, তেতিয়াই আমাৰ মনলৈ এই কথা আহে যে যেতিয়া মাৰ্চ মাহৰ শেষৰফালে ল’কডাউন আৰম্ভ হৈছিল তেতিয়া সকলোৱে ভাবিছিল কিদৰে দলটোৰ গতি-বিধি নিয়ন্ত্ৰিত হ’ব? আমি এনেকৈয়ো ভাবিছিলো যে ল’কডাউন আৰম্ভ হ’ল যেতিয়া দলতো ল’কডাউন আৰম্ভ হ’ব। কিন্তু মই সুখী, কিয়নো দলে ডিজিটেল মাধ্যমৰ সহায় লৈ এই ভাৰ্চুৱেল ৰেলী অনুষ্ঠিত কৰিলে।‘ নিজৰ ভাষণ প্ৰসংগত এইদৰে কয় ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

ল’কডাউনৰ সময়ছোৱাত বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ পৰা আৰম্ভ কৰি বুথ পৰ্য্যায়ৰ সদস্যলৈকে সকলোৱে ডিজিটেলী ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে একত্ৰিত আৰু সক্ৰিয় হ’ব পাৰিলে বুলি নড্ডাই দাবী কৰে।

আজিৰ এই ভাৰ্চুৱেল ৰেলীত জিলা কাৰ্য্যালয়, বুথ পৰ্য্যায়ৰ কাৰ্য্যালয়ত বিজেপিৰ নেতা-কাৰ্য্যকৰ্তাসকলে সামাজিক ব্যৱধান মানি চলি ৰাষ্ট্ৰীয় সভাপতি নড্ডাৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বক্তব্য শুনাৰ পৰিলক্ষিত হয়।

ইয়াৰোপৰি, বিজেপি অসম প্ৰদেশ নামৰ ফেইচবুক পেইজৰ পৰা হোৱা লাইভটো ৩ লক্ষাধিক লোকে বৰ্তমানলৈকে চোৱা দেখিবলৈ পোৱা গ’ল।

এতিয়া স্বাভাৱিকতে এটা কথা মনলৈ আহে যে যিহেতু বৰ্তমানো কোভিদ-১৯ ৰ সংক্ৰমণ ভাৰতত কমা নাই। তাৰ বিপৰীতে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো ৯ মাহ। গতিকে শাসকীয় বিজেপিৰ এই পদাংক অনুকৰণ কৰিয়ে বিৰোধীয়েও এইধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব নেকি?

ইতিমধ্যে বিৰোধী কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে জুম এপৰ জৰিয়তে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আলোচনা সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে।

আনহাতে, আজিৰ এই ৰেলীতে ভাষণ প্ৰদান কৰি নড্ডাই আৰু কয়, ‘মোদীয়ে ভাৰতক বিশ্বৰ ভিতৰত শক্তিশালী দেশৰূপে প্ৰতিষ্ঠা কৰিলে।’

কোভিড-১৯ প্ৰশংগত মোদীৰ কাৰ্যক্ৰমকো শলাগ ললে নাড্ডাই কয়, ‘মোদী চৰকাৰে কেৱল দেশৰ বিকাশ কৰাই নহয় দেশৰ মানদণ্ডও সলনি কৰি দিছে৷ ৬ দশকৰ ভোকৰ কাম মোদীয়ে কৰি দিছে৷ মোদীয়ে কেৱল দেশক আগুৱাই নিয়াই নহয় দেশক এক শক্তিশালী দেশ হিচাপে গঢ় দিছে৷’

ইফালে কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীৰ ভাল কামবোৰ নেদেখে বুলি বিৰোধীকো তীব্ৰ সমালোচনা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই। আজি অনুষ্ঠিত ভাৰ্চুৱেল ৰেলীৰ জৰিয়তে বিজেপিয়ে একপ্ৰকাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজালে বুলি ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে সদৰি কৰে।

এই ভাৰ্চুৱেল ৰেলীত গুৱাহাটীত অংশ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছতেই উন্নতিৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় ‘বিজেপি যি মূল মন্ত্ৰ আছিল সেই মূল মন্ত্ৰ আগত লৈয়ে দুৰ্নীতি মুক্ত অসম, সন্ত্ৰাসবাদ নিমূল, প্ৰদূষণমুক্ত, বিদেশীমুক্ত ৰাজ্য আৰু নিৰ্মাণকামী ৰাজ্য হিচাপে গঢ় দিছে৷’

সোণোৱালে আৰু কয়, ‘ৰাজ্যত কংগ্ৰেছৰ দিনত  চাৰিখন চিকিৎসা মহাবিদ্যালয় আছিল কিন্তু বিজেপি চৰকাৰ দিনত ৮ খন চিকিৎস্যা মহাবিদ্যালয় স্থাপন হৈছে।‘