NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : ডিব্ৰুগড়ত ৬০টা সংগঠনে কঁপাই তুলিলে মুখ্য মন্ত্ৰীৰ পদূলি

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী November 5, 2018 6:55 pm
নাগৰিকত্ব সংশোধনী বিধেয়ক : ডিব্ৰুগড়ত ৬০টা সংগঠনে কঁপাই তুলিলে মুখ্য মন্ত্ৰীৰ পদূলি

ৰাজ্যৰ খিলঞ্জীয়া নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ নিৰন্তৰ সংশয় প্ৰকাশ কৰি থকা আৰু তাৰ বিৰুদ্ধে নিতৌ প্ৰতিবাদ কৰি থকা সত্ত্বেও গা লৰা নাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাইজৰ দাবী এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দি আহিছে মুখ্য মন্ত্ৰীয়ে।

ফলত আজি খিলঞ্জীয়া লোকৰ ৬০টাৰো অধিক সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদ কৰেগৈ মুখ্য মন্ত্ৰীজনৰ ডিব্ৰুগড়ৰ বাসগৃহৰ পদূলিত। মুখ্য মন্ত্ৰীক পদূলিৰ পৰা চিঞৰি সজাগ কৰিবলৈ চেষ্টা কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰৰ বিজেপি চৰকাৰে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অ-মুচলমান বিদেশী লোকক নাগৰিকত্ব দিয়াৰ উদ্দেশ্য লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিছে, যাৰ প্ৰতিবাদ সমগ্ৰ উত্তৰ পূবতে চলি আছে।

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে নগৰখনৰ মাজেৰে মটৰচাইকেল সমদল উলিয়াই আজি প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত বাসগৃহৰ সন্মুখত ৰৈ শ্ল’গান দিয়ে। প্ৰতিবাদকাৰীসকলে ‘বিজেপি মুৰ্দাবাদ’, ‘সৰ্বানন্দৰ কাম নাই’, ‘আৰ এছ এছ গ’ বেক’ শ্ল’গান দিয়ে। প্ৰতিবাদকাৰীসকলে বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ নেতৃত্বত উলিওৱা প্ৰতিবাদকাৰীসকলৰ ৬জনক পিছত ১৪৪ ধাৰা উলংঘা কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে।