আমগুৰিত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই আৰু সৰ্বহাৰা মহিলাসকলক হাৰাশাস্তিৰ বিৰুদ্ধে প্ৰতিবাদ
ফটোঃ নৰ্থইষ্ট নাও।
মাইক্ৰফাইনেন্সৰ ঋণী মহিলা সকলক মুখ্যমন্ত্ৰীয়ে ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
আমগুৰি কলেজ তিনি আলিৰ পৰা মহিলা সকলে সমদলেৰে আহি আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
মাইক্ৰফাইনেন্সৰ প্ৰতিষ্ঠান সমুহে ঋণী মহিলা সকললৈ আইনী জাননী প্ৰেৰণ কৰাত মহিলা সকলৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়কঃ চীনৰ য়ুহানৰ সেই ‘কুখ্যাত’ লেবৰেটৰীতে প্ৰস্তুত হৈছে কৰ’নাৰ ‘মহৌষধ’ নেনোভেকচিন!
মুখ্যমন্ত্ৰী গৰাকীয়ে যদিহে কথা দি কথা নাৰাখে তেনেহ’লে আগন্তক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ নেতা-কৰ্মী সকলৰ গাঁৱত প্ৰৱেশ বন্ধ কৰিব বুলি ক্ষুব্ধ মহিলা সকলে সকীয়াই দিছে।