NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ টীয়ক কংগ্ৰেছ : জগদুৱাৰ পেট্ৰ’ল ডিপুত অৱস্থান ধৰ্মঘট

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক February 24, 2021 6:55 am
index

যোৱা ৬ ফেব্ৰুৱাৰি তাৰিখে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইয়াৰ পাছতে চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত ৫ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কিন্তু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো আজিকোপতি কাৰ্যকৰী নকৰি তাৰ পৰিবৰ্তে দিনক দিনে মূল্য বৃদ্ধিহে কৰাৰ প্ৰতিবাদত টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছ কমিটিয়ে দলীয় কেইবাটাও ভাতৃ সংগঠনৰ সহযোগত আজি পুনৰ জগদুৱাৰ পেট্ৰ’ল ডিপুত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

এই ধৰ্মঘটস্থলীৰ পৰাই চৰকাৰক অনতি পলমে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিবোৰ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।লগতে বিজেপিৰ মিথ্যাচাৰৰ বিপক্ষে এইবাৰ জনসাধাৰণে ভোট দি পুনৰ কংগ্ৰেছক শাসনৰ গাদীলৈ আনিব বুলি মত প্ৰকাশ কৰে।