NORTHEAST NOW (Assamese)

লণ্ডনৰ বিজ্ঞান সংগ্ৰহালয়ত শিশুৰ মুখত ধ্বনিত হ’ল বয়কট আদানী শ্ল’গান

January 6, 2024 9:38 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে লণ্ডনৰ বিজ্ঞান সংগ্ৰহালয়ত ভাৰতীয় ধনকুবেৰ গৌতম আদানীৰ বিৰুদ্ধে দেখিবলৈ পোৱা গ’ল শিশুৰ এটা দলৰ এক শক্তিশালী অভিযান।

শিশুসকলে বিজ্ঞান সংগ্ৰহালয়লৈ অহা দৰ্শনাৰ্থীসকলক আদৰণি জনাই প্ৰতিবাদ আৰম্ভ কৰে আৰু সংগ্ৰহালয়ে গাজাৰ গণহত্যাক সমৰ্থন কৰা বুলি অভিযোগ কৰে।

প্ৰতিবাদী শিশুসকলে লগতে বিজ্ঞান সংগ্ৰহালয়টোক আদানী গোটৰ পৰা বিত্তীয় অনুদান লোৱা বন্ধ কৰিবলৈ আহ্বান জনায়।

তেওঁলোকৰ দাবী, গাজাত গণহত্যাকাৰী ইজৰাইলৰ সৈতে লগ হৈ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা আদানী গোটৰ পৰা বিত্তীয় অনুদান লোৱা বন্ধ কৰিব লাগে সংগ্ৰহালয়ে।

তদুপৰি আদানী আৰু এলবিট চিষ্টেমে ক’ম্বেট-প্ৰ’ভেন হাৰ্মিছ 900 ড্ৰোন তৈয়াৰ কৰিবলৈ একেলগে কাম কৰে বুলিও শিশুসকলে লগতে অভিযোগ কৰে।

এই ক’ম্বেট-প্ৰ’ভেন মানে প্ৰথমে শিশুৰ ওপৰত অস্ত্ৰ পৰীক্ষা কৰা বুলি দৰ্শকসকলক আঙুলিয়াই দিয়ে প্ৰতিবাদী শিশুসকলে।

শিশুসকলে অভিযোগ কৰে যে বিজ্ঞান সংগ্ৰহালয় কৰ্তৃপক্ষই নতুন গেলেৰী নিৰ্মাণৰ বাবে আদানী গোটৰ পৰা ধন লৈছে।

 

“আপোনালোকে নিজ সন্তানৰ সৈতে বিজ্ঞান সংগ্ৰহালয়লৈ যোৱাৰ সময়ত গাজাৰ পৰিয়ালবোৰক হত্যা কৰা হৈছে।”- প্ৰতিবাদী শিশুসকলে প্ৰতিবাদৰ মাজতে এইদৰে ক্ষোভ প্ৰকাশ কৰে।

তেওঁলোকে লগতে আদানী আৰু তেওঁৰ মিত্ৰ এলবিট চিষ্টেম আৰু ইজৰাইল চৰকাৰে যুদ্ধৰ পৰা বহুত টকা উপাৰ্জন কৰে বুলিও দোহাৰে।

শিশুসকলে লগতে বিজ্ঞান সংগ্ৰহালয়লৈ অহা দৰ্শনাৰ্থীসকলক বিজ্ঞান সংগ্ৰহালয় কৰ্তৃপক্ষক আদানীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক ছিন্ন কৰাৰ বাবে দাবী জনাবলৈয়ো আহ্বান জনায়।

Related News