NORTHEAST NOW (Assamese)
অসম

বৌদ্ধ ভিক্ষুৰ ৰূপত থকা সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 13, 2019 7:20 pm
Protest against Bangladeshi Monk

উজনি অসমৰ বৌদ্ধ মঠত ভিক্ষুৰ ৰূপত থকা সন্দেহযুক্ত বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি মাৰ্ঘেৰিটাত এটা প্ৰতিবাদ সাব্যস্ত কৰা হয়।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগ লোৱা প্ৰতিদাবী কাৰ্য্যসূচীটোত এটা সমদল উলিওৱা হয় আৰু মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা মহকুমাধিপতিৰ কাৰ্য্যালয়লৈ যায় প্ৰতিবাদকাৰীসকল।

প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰকপত্ৰ প্ৰদান কৰি অনতি পলমে সন্দেহজনক বাংলাদেশী বৌদ্ধ ভিক্ষুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷

লগতে পঢ়ক উজনি অসমৰ বৌদ্ধ বিহাৰসমূহত বৌদ্ধ ভিক্ষুৰ বেশত সন্দেহযুক্ত বাংলাদেশীয়ে বাহৰ পতাৰ গুৰুতৰ অভিযোগ

কেইদিন মানৰ পূৰ্বে ডিগবৈৰ এটা বৌদ্ধ বিহাৰৰ অধ্যক্ষ দীপাংকৰ নামৰ ভিক্ষুজন সন্দেহজনক নাগৰিক আৰু তেওঁ অবৈধ বাংলাদেশী বুলি আন এজন ভিক্ষুৱে তথ্যসহ ৰাজহুৱা অভিযোগ উত্থাপন কৰিছিল।

মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ উক্ত ভিক্ষুজনে আৰ টি আইৰ তথ্যৰ সহায় লৈ এই কথা নিশ্চিত হোৱা বুলি দাবী কৰিছিল।

আছুৱে ঘটনাটোৰ উচিত তদন্ত কৰি প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

অন্যথা অধিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি আজি প্ৰতিবাদস্থলীৰ পৰাই আছু নেতৃত্বই হুংকাৰ দিয়ে৷